চকুৰ সন্মুখতে নৈৰ বুকুত অদৃশ্য হৈ পৰিল এখন যাত্ৰীভৰ্তি নাও, এতিয়াও সন্ধানহীন দুই শিশু

নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য! চকুৰ সন্মুখতে নৈৰ বুকুত ডুব গ’ল এখন যাত্ৰীভৰ্তি নাও। মৰণকাতৰ আৰ্তনাদে কঁপাই গ’ল সমগ্ৰ অঞ্চল।

এই দৃশ্য মধ্য প্ৰদেশৰ ভিন্দৰ সিন্ধ নদীৰ। এক ধৰ্মীয় ভোজত অংশ লৈ উভতি অহাৰ সময়তে ১০ জন লোকক কঢ়িয়াই অনা নাওখন নৈৰ বুকুত ডুবি যায়।

অৱশ্যে ১০ জনৰ ভিতৰত ৮ জনক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন হৈ আছে নাওখনত থকা দুটি শিশু।

এই ভয়ঙ্কৰ দুৰ্ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।

ভিডিঅ’টোত দেখা পোৱা মতে, কেইজন মান লোক বহি থকা নাওখন এফালৰ পৰা নৈত ডুবিবলৈ ধৰে আৰু লাহে লাহে নৈৰ বুকুত নাওখন সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে।

একে সময়তে, নদীৰ পাৰত থিয় হৈ থকা লোকসকলক সহায়ৰ বাবে অনুৰোধ কৰা দেখা যায়। যাৰ পিছত কেইজনমানলোকে দুৰ্ঘটনাত পতিত সকলক সহায়ৰ বাবে নৈৰ পানীত জঁপিয়াই পৰা দেখা যায়।

ভিডিঅ’টোত, একাংশ মহিলাৰ মৰণকাতৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে।

এই ঘটনাত ৮ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও সন্ধানহীন হৈ থকা বাকী দুটি শিশুৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।

লগতে চাওকঃ

লটাৰীত লাভ কৰা এখন মটৰ চাইকেলেই কাল হ’ল এজন অসম আৰক্ষী জোৱানৰ

G8

Leave a Comment