চাঞ্চল্যকৰ! কুঁৱাত পুতি থােৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ, অন্তৰ্ধান পৰিয়াল

নিউজ ডেস্ক। ৰাজ্যজুৰি ধূলা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং নামবকলীয়া গাঁৱত কুঁৱাত পুতি থােৱা অৱস্থাত উদ্ধাৰ হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ।

ৰহস্যজনকভাৱে অন্তৰ্ধান হ’ল দুৰ্ভগাীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালৰ।

ঘটনাৰ আঠ দিন পাছত দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকীৰ মৃতদেহ।

এতিয়াও কােনাে শুংসূত্ৰ নাই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লােকৰ।

জানিব পৰা মতে, প্রায় আঠ দিন পূৰ্বে ৰহস্যজনক মৃত্যু হৈছিল দশম শ্ৰেণীৰ ছাত্ৰী সুনীতা সিং ওৰফে ললিতা সিঙৰ।

২নং নাম বকলীয়া নিবাসী মহেন্দ্ৰ সিঙৰ কন্যা সুনীতা সিং ওৰফে ললিতা সিঙ বকলীয়াঘাট টাউন জনতা হিন্দী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল।

এই ঘটনাত পৰিয়ালৰ লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে কিয়নাে কাৰণ প্ৰথম অৱস্থাত ঘটনাটো গাপ দিয়াৰ পৰিয়ালবৰ্গই পিছত ঘৰ এৰি পলায়ন কৰে।

দুপৰীয়া গাঁত খান্দি উলিওৱা হয় ছাত্রী সুনীতাৰ মৃতদেহ।

ছাত্ৰীগৰাকীৰ মৃত্যু কেনেদৰে হ’ল, মৃতদেহ কিয় পুতি ৰখা হ’ল কুঁৱাত, পৰিয়ালবৰ্গই কিয় পলায়ন কৰিছে, সেয়া পোহৰলৈ আহিব কাৰ্বি আংলং আৰক্ষীৰ উচ্চ পর্যায়ৰ তদন্তত।

ইতিমধ্যে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সোমবাৰে পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

পাঁচজনীয়া পৰিয়ালটোত আছিল পিতৃ মহেন্দ্র সিং, মাতৃ, সুনীতা ওৰফে ললিতা আৰু দুই ভাতৃ।

সুনীতা জ্যেষ্ঠ আছিল যদিও কনিষ্ঠ ভাতৃয়ে মদ্যপান কৰি মাতৃ আৰু ভগ্নীক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ আছে।

স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলিয়েই সন্দেহ প্রকাশ কৰিছে।

ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।