চিকিৎসকে মৃত ঘােষণা কৰা নৱজাতক সৎকাৰৰ সময়ত কান্দি উঠিল, তাৰ পাছত…

নিউজ ডেস্ক। এক আচৰিত ঘটনা। নৱজাতক শিশুক মৃত ঘোষণা কৰিলে চিকিৎসকে। কিন্তু সৎকাৰৰ সময়ত কান্দি উঠিল শিশু। লগে লগে এক পৃথক পৰিৱেশৰ সৃষ্টি হল সৎকাৰস্থলীত।

শিশুটিক জীৱন্তে দেখি পৰিয়ালৰ লোকে গৈ ভাঙি পেলালে মৃত ঘোষণা কৰা চিকিৎসকৰ ক্লিনিক। এই ঘটনা সংঘটিত হয় ঝাৰখণ্ডত।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, ঝাৰখণ্ডৰ দেৱঘৰৰ কালি মন্দা পথৰ এখন ব্যক্তিগত চিকিৎসালয়ত এটি শিশু জন্ম দিছিল পিপৰাচল নিবাসী এগৰাকী প্ৰসূতিয়ে। কিন্তু নৱজাতক শিশুটিৰ জন্মৰ পিছতেই চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

তাৰ পিছতেই শিশুটিক লৈ আহে ঘৰলৈ। ঘৰলৈ আনি শিশুটিক সৎকাৰ ৰ ব্যৱস্থা কৰা হয়। কিন্তু সৎকাৰস্থলীত শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে। সেয়েহে শিশুটিক লৈ ক্ষোভিত পৰিয়ালৰ লোক উপস্থিত হয়গৈ চিকিৎসালয়খনত। আৰু চিকিৎসালয়খনত উপস্থিত হৈয়েই তেওঁলোকে চিকিৎসালয়খনৰ আচবাব ধ্বংস কৰাৰ লগতে আক্ৰমণ কৰে কৰ্মচাৰী সকলক।

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Leave a Comment