চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

নিউজ ডেস্ক। চিটবেল্ট পৰিধান নকৰাৰ বাবে দুচকীয়া বাহন চালকে অনলাইন লাভ কৰিলে চালান।

এই আশ্বৰ্যকৰ কাণ্ড আন ৰাজ্য বা দেশৰ নহয়। এয়া সংঘটিত হৈছে অসমৰে মঙলদৈত।

পাথৰিঘাট ৰাজহ চক্ৰৰ কৰ্মচাৰী তথা মঙলদৈৰ বৰুৱাপাৰাৰ নিৱাসী মানস শৰ্মা নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া বাহন এপৰ জৰিয়তে তেওঁলৈ প্ৰেৰণ কৰা এখন চালান লাভ কৰে। য’ত চিটবেল্ট পৰিধান নকৰাৰ বাবে তেওঁক এহাজাৰ টকা জৰিমণা বিহা হয়।

লক্ষণীয়ভাৱে এএছ ০১চি ৩০৪২ নম্বৰৰ যিখন পঞ্জীয়ন নম্বৰৰ বাবে তেওঁলৈ চালান প্ৰেৰণ কৰা হৈছিল, সেইখন হৈছে তেওঁৰ আৰএক্স ১০০ মডেলৰ বাইকখনৰ নম্বৰ প্লেট।

এএছ ১০২১৭৭২২০৪১১১৩০৫৫৪ নম্বৰৰ চালানখন মানস শৰ্মালৈ প্ৰেৰণ কৰিছিল আজাৰা থানাই।

আজাৰা থানাৰ উপ পৰিদৰ্শক মিথিংগা বসুমতাৰীৰ পৰ্যবেক্ষণৰ অন্তত এই চালান প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

কিন্তু মানস শৰ্মাই জানিবলৈ দিয়া মতে, দেওবাৰে তেওঁৰ বাইকখন মঙলদৈতে আছিল।

এনে পৰিপ্ৰেক্ষিত বাইকখন আজাৰাৰ আশে পাশে প্ৰত্যক্ষ কৰাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। আনহাতে দুচকীয়া বাহনলৈ চিল্ট বেল্টৰ জৰিমণা বিহালৈ চাই তেওঁৰ বাইকৰ নম্বৰ কোনো চাৰিচকীয়া বাহনত ব্যৱহাৰ কৰা হৈছে নেকি, তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে।

অইনফালে চালানখনত উল্লেখ কৰা অনুসৰি, মেধিৰাম ৰাভাৰ পুত্ৰ কমল চন্দ্ৰ ৰাভাই সংঘটিত কৰা যান-বাহন নীতিৰ উলংঘাৰ বাবে বিহা হৈছে জৰিমণা।

যাৰ বাবে এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কিদৰে মঙলদৈৰ মানস শৰ্মাই আজাৰা থানাই প্ৰেৰণ কৰা চালান লাভ কৰিলে বা তেওঁৰ বাইকৰ পঞ্জীয়ন নম্বৰত কোনো চাৰিচকীয়া বাহনত অবৈধভাৱে লগাই ব্যৱহাৰ কৰি থকা হৈছে নেকি, সেই ৰহস্য সঠিক তদন্তৰ জৰিয়তে উদঘাটন কৰাৰ দাবী জনাইছে বহুতে।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

Leave a Comment