চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য

নিউজ ডেস্ক। কেৱল মানুহেই নহয়, কেতিয়াবা গঁড়েও বজাব পাৰে কীবৰ্ড। তেনে এক দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটো কলৰাডোৰ ডেনভাৰ চিৰিয়াখানাৰ।

দৃশ্যটোত দেখা অনুসৰি, চিৰিয়াখানাখনত ‘বন্ধু’ নামৰ এটা এশিঙীয়া গঁড়ে বজাইছে এখন কীবৰ্ড। সি নিজৰ ১২ সংখ্যক জন্মদিন উপলক্ষে বজালে সেই কীবৰ্ড।

যোৱা ১৯ মে’ত আছিল বন্ধু নামৰ গঁড়টোৰ জন্মদিন। সি নিজৰ ওপৰৰ জোঙা উঠেৰে বজালে কীবৰ্ডখন য’ত বাজি উঠিছিল এক সুন্দৰ সুৰীয়া সংগীত।

গঁড়টোক কীবৰ্ডখন বজাবলৈ দিয়াৰ আগত তাক খাবলৈ দিয়া হৈছিল এক আহাৰ। আৰু তাৰ পিছতেই সি আৰম্ভ কৰে নিজৰ সংগীতৰ যাত্ৰা।

সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত চিৰিয়াখানা কৰ্তৃপক্ষই কেপচন দিয়ে- “শুভ জন্মদিন বন্ধু। আমাৰ আৱাসিক বৃহৎ এশিঙীয়া মতা গঁড়টো ১২ বছৰীয়া হল। এইয়া তাৰ জন্মদিন হব পাৰে, কিন্তু এই বিশেষ দিনত ‘বন্ধু’ৱে আপোনালোকক সি নিজে লিখা এটা বিশেষ গীত শুনাব বিচাৰিছে। জন্মদিনৰ লৰাই উঠেৰে বিভিন্ন প্ৰকাৰে সংগীতৰ যি সুৰ পৰিৱেশন কৰিলে আমি শাৰীৰিক আৰু মানসিক ভাৱে তৃপ্তি লাভ কৰিব পাৰো। ডেনভাৰ চিৰিয়াখানালৈ আগলৈ আহিলে ‘বন্ধু’ক এবাৰ দেখা কৰি যাব।”

Leave a Comment