চৰণেহে জানে… কৃষিকৰ্মত ব্যস্ত স্বামীক চাহ দিবলৈ গৈ বজ্ৰপাতত প্ৰাণ গ’ল পত্নীৰ…

নিউজ ডেস্ক। চৰণেহে জানে মৰণৰ ঠাই!

ঠিক তেনে এক এক শোকাৱহ ঘটনা সংঘটিত হ’ল এগৰাকী মহিলাৰ সৈতে।

পথাৰত কাম কৰি থকা স্বামীক চাহ দিবলৈ গৈ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এই মহিলাগৰাকীয়ে।

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পলাশবাৰী সমষ্টিৰ ভোলাগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোলাগাঁও নিৱাসী তাজিমা বিবি(৩৬)নামৰ মহিলাগৰাকীয়ে শিলপোটা অঞ্চলৰ খেতিপথাৰত বজ্ৰপাতত প্ৰাণ হেৰুৱাই।

ঘৰৰ পৰা কিছু দূৰৰ শিলপোটাত স্বামীয়ে পথাৰৰ কামত ব্যস্ত থকাত মহিলা গৰাকীয়ে চাহ দিয়া তথা খেতিৰ কামলৈ বুলি ওলাই যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

বজ্ৰাঘাতত প্ৰথমে মহিলা গৰাকীৰ মূৰ ফাটি গৈ তেজ ওলাই আৰু লগে লগে অচেতন হৈ পৰে।

পিছত পৰিয়ালৰ লোকে মহিলা গৰাকীক মিৰ্জাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী, কণমাণি তিনি সন্তানক এৰি থৈ যায়।

এই ঘটনাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

লগতে চাওকঃ

উৎকট গৰমৰ পৰা পৰিত্ৰাণৰ বাবে শ্বিলঙলৈ যােৱাৰ পথত ‘গণিত গুৰু’ জনপ্ৰিয় শিক্ষক ‘বি জি’ ছাৰৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু