জীৱনৰ ‘নতুন ইনিংছ্’ আৰম্ভ কৰিলে শুকুৰ আলীয়ে…

নিউজ ডেস্ক। ধুবুৰী লােকসভা সমষ্টিৰ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি ৰাজ্যজুৰি চৰ্চা লাভ কৰা শুকুৰ আলীয়ে আৰম্ভ কৰিলে জীৱনৰ নতুন ইনিংছ্।

সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হ’ল শুকুৰ আলীৰ বিয়া।

জানিব পৰা মতে, গোসাইগাওঁ মহকুমাৰ ডিংডিঙ্গা – ঠাকুৰপুৰ গাঁৱৰ ছফিক মীঞাৰ ছোৱালী ছবিনা খাতুনৰ লগত বিয়াত বহে শুকুৰ আলী।

সোমবাৰে নিশা ইছলামিক ৰীতি-নীতিৰে বৈবাহিক জীবনৰ পাতনি মেলে শুকুৰ আলীয়ে।

উল্লেখ্য যে শুকুৰ আলীৰ বিয়াৰ খবৰ লাভ কৰি বহু লােক বিবাহথলীত ভিৰ কৰা পৰিলক্ষিত হয়।

ইপিনে, সংবাদ মাধ্যমত সঘনাই মন্তব্য কৰা শুকুৰ আলীয়ে বিয়া সন্দৰ্ভত কােনাে মন্তব্য কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হয়।