জেনেভাত ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত মণিপুৰৰ যুৱতী জেইনৰিন আংকাং

নিউজ ডেস্ক। কফি আন্নান ফাউণ্ডেশ্যনে ‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত কৰিছে বিশ্বৰ ১২ গৰাকী অনুপ্ৰেৰণামূলক যুৱ নেতৃত্বক।

সেই সকলৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে মণিপুৰৰ উখ্ৰুলৰ মহিলা জেইনৰিন ষ্টিফেন আংকাংৰ নাম। যিয়ে সেই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

এই আন্তপ্ৰজন্মমূলক ছমহীয়া আলোচনাত অংশ লোৱাৰ বাবে বিশ্বৰ ১২ গৰাকী যুৱ নেতাই আমন্ত্ৰণ লাভ কৰিছে।

এই আলোচনা চক্ৰ অহা ২৮ জুনৰ পৰা চুইজাৰলেণ্ডৰ জেনেভাত ছমাহৰ বাবে আৰম্ভ হ’ব।

এই আলোচনাৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ সৃষ্টি আৰু উদ্ভাৱনক শক্তিশালী আৰু গতিশীল কৰা।

‘Kofi Annan Changemakers 2021’ লৈ নিৰ্বাচিত হোৱা আন যুৱ নেতা সকলে প্ৰতিনিধিত্ব কৰিব ঘানা, আফগানিস্তান, নাইজেৰিয়া, ফিলিপাইনছ, জিম্বাবৱে, কছবা, কলম্বিয়া, মালয়েছিয়া, মালাৱী আৰু উগান্দা দেশক।

জেইনৰিন আংকাঙে এই সন্দৰ্ভত কয় যে,”মই ‘Kofi Annan Changemakers 2021’ ৰ এজন হিচাপে হ’বলৈ পায় নিজকে গৌৰৱ অনুভৱ কৰিছো। আনুষ্ঠানিকভাৱে এই কথা ঘোষণা নোহোৱা পৰ্যন্ত মই দুমাহ ধৰি এই কথা গোপনে ৰাখিছিলো। এই স্বীকৃতিয়ে মোক এতিয়া আৰু কাম কৰি যোৱাত দুগুণ বিশ্বাস জন্মাইছে। থলুৱা কৃষকৰ সৈতে আমাৰ প্ৰতিশ্ৰুতি আৰু প্ৰভাৱক স্বীকৃতি প্ৰদান কৰিছে কফি আন্নান ফাউণ্ডেশ্যনে। যাক আমি অনুসৰণ কৰো। মোৰ নেতৃত্বৰ বিষয়ে জানিবলৈ বিচৰা সকলক সহায় কৰিবলৈ মই আগ্ৰহী।”

উল্লেখ্য যে, জেইনৰিনে মণিপুৰৰ টাংখুল নামৰ নগা জনজাতিৰ থলুৱা কৃষকৰ সৈতে দীৰ্ঘ সময় ধৰি কাম কৰি আহিছে। তেওঁ আৰু তেওঁৰ স্বামী লেইয়ালম বাসুমে থলুৱা কৃষকৰ ক্ষমতা বৃদ্ধিৰ বাবে ২০১৭ চনত উখ্রুলত স্থাপন কৰিছিল

‘হিল ৱাইল্ড প্ৰাইভেট লিমিটেড’ নামৰ এক সংস্থা। য’ত উৎপাদন কৰা হৈছিল চকলেট আৰু মিঠাই। অঞ্চলটোত টাংখুল জনজাতিৰ লোক সকলে নিবনুৱা সমস্যাত ভুগাৰ লগতে নিম্নতম খাদ্য সুৰক্ষাৰ পৰাও বঞ্চিত হৈ আহিছে।

সেয়েহে জেইনৰিনৰ লক্ষ্য হল জনজাতীয় সুন্দৰ খাদ্যভাসক বিশ্বব্যাপী প্ৰসাৰ কৰা, থলুৱা উৎপাদন সমূহক সংৰক্ষণ কৰা আৰু সেই প্ৰক্ৰিয়াৰ জৰিয়তে থলুৱা কৃষকৰ ক্ষমতাক পুনৰ ঘূৰাই অনা।

Leave a Comment