টকিঅ’ অলিম্পিকত ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰৰ

নিউজ ডেস্ক। শনিবাৰে অলিম্পিকৰ এথলেটিকছত ভাৰতৰ বাবে ভাল খবৰ।

মহিলাৰ ডিচকাছ থ্ৰ’ত ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ কমলপ্ৰীত কৌৰে।

৬৪ মিটাৰ দূৰৰ পৰা ডিচকাছ থ্ৰ’ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে তেওঁ। গ্ৰুপ ‘বি’ৰ পৰা ফাইনেললৈ উঠিল কমলপ্ৰীত।

উল্লেখ্য যে ৬৪ মিটাৰ দূৰৰ পৰা ডিচকাছ থ্ৰ’ কৰাটো অতি সহজ কথা নহয়।

দুটা গ্ৰুপৰ ৩১ জন এথলিটৰ ভিতৰত শনিবাৰে মাত্ৰ দুগৰাকীয়েই ৬৪ মিটাৰ দূৰৰ পৰা ডিচকাছ থ্র’ কৰিবলৈ সক্ষম হয়। আৰু সেই দুগৰাকীৰ ভিতৰত এগৰাকী হল ভাৰতৰ কমলপ্ৰীত।

অৱশ্যে গ্ৰুপ ‘এ’ ৰ পৰা ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হল এথলীট সীমা পুনিয়া।

এই ইভেণ্টৰ ফাইনেল হ’ব ২ আগষ্টত।

কমলপ্ৰীতে দেশলৈ অলিম্পিক পদক আনিব পাৰে নে নোৱাৰে এতিয়া সেই সন্দৰ্ভত সকলোৰে থাকিব দৃষ্টি।

Leave a Comment