টাৰ্গেট অংকিতা দত্ত! কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰিলে চিবিআইয়ে…

নিউজ ডেস্ক। এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ ৰাডাৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তলৈ চিবিআইয়ে চমন জাৰি কৰিছে।

উল্লেখ্য যে বিগত কিছু সময়ত বিভিন্ন বিষয়ক লৈ অসম আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দােলনৰ নেতৃত্ব দিছে অংকিতা দত্তই।

জানিব পৰা মতে, প্ৰয়াত অঞ্জন দত্তৰ নাম সাঙােৰ খােৱা এটা গোচৰ (সাৰদা কেলেংকাৰী) সন্দৰ্ভত জীয়ৰী অংকিতা দত্তলৈ এই চমন কৰা হৈছে।

কলকাতা স্থিত চিবিআইৰ কাৰ্যালয়ে জাৰি কৰিছে এই চমন।

অহা ৩ ছেপ্টেম্বৰত এই কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অংকিতা দত্তই।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন ২০২১ত আমগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল অংকিতাই।

লগতে চাওকঃ

সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ