টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ!

নিউজ ডেস্ক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ।

শনিবাৰে হাৰিয়ানাৰ হান্সি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খেলুৱৈজনক।

FB7-UU-y-UYAUt-Dvo

স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ বিৰুদ্ধে জাতিগত আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, যুৱৰাজ সিঙক ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ক ধাৰা আৰু ৫০৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।

পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন জামিনত তেওঁক মুকলি কৰি দিয়া হয়। মুকলি হোৱাৰ পূৰ্বে যুৱৰাজক তিনি ঘণ্টা জেৰা কৰিছিল আৰক্ষীয়ে।

FB6s-GY-XEAMMw7u

জানিব পৰা মতে, ঘটনাটো ২০২০ চনৰ জুন মাহত হৈছিল। য’ত যুৱৰাজে ভাৰতৰ অপেনাৰ ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰাম লাইভ চেছনৰ সময়ত ধেমেলীয়াকৈ চাহালৰ প্ৰতি অপমানজনক মন্তব্য কৰিছিল।

শৰ্মাৰ সৈতে ‘চাহালৰ বিখ্যাত টিক-টক আৰু ইনষ্টাগ্ৰাম ভিডিঅ’ৰ বিষয়ে কথা পাতি থাকোতে যুৱৰাজে এটা অশালীন মন্তব্য কৰিছিল। যিটো জাত-পাত সম্বন্ধীয় আছিল।

Leave a Comment