ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা-দিলীপৰ প্ৰাণ

নিউজ ডেস্ক। বিয়াৰ দিন ঠিক হৈছিল। অতি শীঘ্ৰে সামাজিকভাৱে এক হোৱাৰ কথা আছিল দুয়োৰে। কিন্তু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে মষিমূৰ কৰি পেলালে তেওঁলোকৰ যুগ্ম জীৱনৰ সপোন।

মৃত্যুৰ শীতল কোলাত ঢলি পৰিল বিহালীৰ গাংমৌথানৰ শান্তিপুৰৰ নিৱাসী ঝুমা দৰ্জী (৩৭) আৰু ধেমাজি থানাৰ অন্তৰ্গত ২নং বৰালী চুকৰ দিলীপ দৰ্জী (৪২)ৰ।

এই দুৰ্ঘটনা মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বিশ্বনাথৰ বিহালীৰ জিনজিয়া থানাৰ আন্তৰ্গত বাঘমাৰীত মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা।

বিশ্বনাথ চাৰিআলিৰ পৰা বিহালীৰ নিজা গৃহাভিমুখে গৈ থকা দুই স্কুটি আৰোহীক একে দিশেৰে লখিমপুৰ অভিমুখে গৈ থকা তীব্রবেগী এ এছ-০৭ বিচি-০১৪৬ নম্বৰৰ বাসুদেৱ নামৰ যাত্ৰীবাহী আলট্ৰা বাছখনে বাঘমাৰীৰ সমীৰণ চাহ ফেক্টৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পাচফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত স্কুটী আৰোহী দিলীপ দৰ্জী আৰু ঝুমা দৰ্জীৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, মৃত ঝুমা দৰ্জী বিহালী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোষাধ্যক্ষ হিচাপে কাৰ্যৰত আছিল।

দিলীপ দৰ্জীৰ সৈতে তেওঁৰ বিবাহ ঠিক হৈছিল আৰু অতি শীঘ্ৰেই তেওঁলোকে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবেও যো-জা চলাইছিল। কিছুদিন পূৰ্বে দিলীপ দৰ্জী ঝুমা দৰ্জীৰ ঘৰলৈ আলহীৰূপে আহিছিল।

তেওঁলোকে বিশ্বনাথ চাৰিআলিৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।

ইফালে জিনজিয়া আৰক্ষীয়ে দুৰ্ঘটনাত পতিত আলট্রা বাছ আৰু স্কুটিখন নিজৰ জিম্মাত লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে।

যুৱক-যুৱতীহালৰ এই কৰুণ মৃত্যুৱে সমগ্ৰ বিহালীত শোকৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

সঁচা প্ৰেম! হাস্পতালৰ বিচনাতে প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল জটিল ৰােগত আক্ৰান্ত ফাহমিদা…

Leave a Comment