ডায়েৰী… তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লোঃ ডায়েৰীৰ পৃষ্ঠাত সময়ক ধৰি ৰাখিব বিচৰা তেজস্বিতা গুচি গ’ল এনেকৈয়ে…

নিউজ ডেস্কঃ আধালিখা হৈ ৰ’ল তেজস্বিতাই ক্ল’জ ফ্ৰেণ্ড হিচাপে বাচি লোৱা ডায়েৰীৰ পৃষ্ঠা!

চকুলোৰ বন্যা বোৱাই সংগোপনে গুচি যোৱা মাজুলীৰ প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতাই নতুনকৈ আৰম্ভ কৰিছিল ডায়েৰী লিখিবলৈ।

জীৱনৰ কিছু বিশেষ মুহূৰ্তৰ সাক্ষী কৰিবলৈ ডায়েৰীৰ পৃষ্ঠাকে ‘ক্লজ ফ্ৰেণ্ড’ হিচাপে বাচি লৈছিল তেজস্বিতাই।

কিন্তু হেঁপাহৰ ডায়েৰীখনক বুকুৰ কথাবোৰ খুলি কোৱাৰ পূৰ্বেই অশ্ৰুৰ সুতিয়েদি হেৰাই গ’ল তেজস্বিতা বৰুৱা।

২৯ ছেপ্টেম্বৰত দেউতাকে তেজস্বিতাক কিনি দিছিল এখন চাৰিচকীয়া বাহন।

সংগীতানুষ্ঠানলৈ অহা-যোৱা কৰাত যাতে অসুবিধা নহয়, তাৰ বাবেই গাড়ীখন কিনি দিয়া হৈছিল তেজস্বিতাক।

সেই দিনটো বিশেষ আছিল তেজস্বিতাৰ বাবেও।

এটা বিশেষ দিনতেই ডায়েৰীক নিজৰ বন্ধুৰ তালিকাত সোমাই লৈছিল তেজস্বিতাই।

তাই কৈছিল ‘ডায়েৰী তোমাকো মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লো। তুমি যাতে মোৰ সুখ-দুখৰ কথাবোৰত সদায় সমভাগি হোৱা।

কলমৰ ওঁঠেৰে অনৰ্গল তাই কৈ গৈছিল দিনৰ অনুভৱখিনি।

শব্দ হৈ কথাবোৰ সামৰি থৈছিল তাইৰ ভাল বন্ধু ডায়েৰীয়ে।

কথা আছিল- আকৌ আহিব ডায়েৰীৰ কাষলৈ। অনেক কথাই আকৌ ক’ব তেজস্বিতাই।

কিন্তু ডায়েৰীৰ স্বৰ্ণিল অধ্যায় তাতেই সামৰি বিদায় ল’লে শিশু শিল্পীগৰাকীয়ে।

শেহতীয়াকৈ তেজস্বিতাৰ ডায়েৰীৰ পৃষ্ঠা ভাইৰেল হৈ পৰাৰ পিছতে আকৌ এবাৰ কণমানি শিল্পীগৰাকীক সুঁৱৰি উচুপি উঠিছে অসমবাসী।

সমান্তৰালভাৱে কন্যাই আধা লিখাকৈ এৰি যোৱা ডায়েৰীটো বুকুত সাৱটি এতিয়া কান্দোনত ভাগি পৰিছে তেজস্বিতাৰ পিতৃও।