ডিএফঅ’ৰ আক্ৰমণত বাহিৰ হ’ল বনকৰ্মীৰ কৃত্ৰিম চকু! অনা অসমীয়া ডিএফঅ’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…

নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ ডুমডুমাত ডিএফঅ’ৰ আক্ৰমণত এগৰাকী বনকৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। অনা অসমীয়া ডিএফঅ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে গুণ্ডাগিৰি দেখুৱাই এগৰাকী বনকৰ্মীৰ কৃত্ৰিম চকু উলিয়াই দিয়াৰ ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠন, বনকৰ্মী আৰু স্থানীয় ৰাইজে।

উল্লেখ্য যে, এই ঘটনাৰ সূত্ৰপাত ঘটিছিল যোৱা ৭ ছেপ্টেম্বৰৰ নিশা। সেইদিনা নিশা ডুমডুমা বন সংমণ্ডলৰ ৰঙাজান-মাকুম বাইপাছত ডিগবৈ নাজিৰাটিং ২নং টকৌৱনি বীটৰ বনকৰ্মী হেমকান্ত হাতীমূৰীয়াসহ কেইজনমান বনকর্মীয়ে পেট্র’লিং দি আছিল।

সেই সময়তে ফিল’বাৰীৰ পৰা কাঠ কঢ়িয়াই অনা এখন গাড়ী ধৰি ডি এফ অ’ ভাৰতীক খবৰ দিয়ে বনকৰ্মীৰ দলটোৱে। ইফালে বাহনখনত অহা যুৱকৰ দলটোৱে কাঠখিনি (প্রায় ১৫ চি এফ টি) প্রধানমন্ত্রী আবাস যোজনাৰ গৃহত ব্যৱহাৰ কৰিবলৈ অনা বুলি বন বিভাগৰ দলটোক ডাবি-হুমকি দি গাড়ীসহ উধাও হয়।

ইয়াৰ পিছতে ডিএফঅ’ ভাৰতীয়ে ডুমডুমা ডি এফ অ’ৰ কাৰ্যালয়লৈ মাতি পঠিয়ায় বনকৰ্মীৰ দলটোক। তাত ডিএফঅ’জনে বনকৰ্মী সকলক অকথ্য গালিগালাজ কৰাৰ লগতে বনকৰ্মী হেমকান্ত হাতীমূৰীয়াক আক্ৰমণ কৰি তেওঁৰ সোঁফালৰ কৃত্ৰিম চকুটো উলিয়াই পেলায়। ইয়াৰ লগতে বনকৰ্মীজনৰ বিভাগীয় পোছাকো ফালি পেলায় ডিএফঅ’ ভাৰতীয়ে।

ডিএফঅ’ৰ আক্ৰমণত আহত হোৱা বনকৰ্মী হাতীমূৰীয়াক পৰৱৰ্তী সময়ত ডুমডুমাৰ এফআৰইউত ভৰ্তি কৰিবলগীয়া হয়। ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়।

পূৰ্বেও বহুবাৰ বিতৰ্কত সোমাই পৰা ডিএফঅ’ ভাৰতীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বনকৰ্মী, স্থানীয় ৰাইজ আৰু আঞ্চলিক দল-সংগঠনসমূহ।

শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে বন কৰ্মচাৰী মিলিত ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি ডিএফঅ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।