ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! মূল অভিযুক্ত ৰাহুল চেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি

নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি।

বৰ্তমানো পলাতক হৈ আছে ৰাহুল চেত্ৰী।

আনন্দ শৰ্মা ৰেংগি কাণ্ডৰ মূল অভিযুক্ত হিচাপে ধৰা হৈছে ৰাহুল চেত্ৰীক।

এইগৰাকী ৰাহুল চেত্ৰীৰ নেতৃত্বতে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁঞিবৰুৱা ছাত্ৰ নিৱাসত জুনিয়ৰৰ ওপৰত চলোৱা হৈছিল ৰেগিং।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল লেখাপানী নিৱাসী ৰাহুল চেত্ৰী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল ৰাহুল।

কিন্তু শেহতীয়াকৈ ৰাহুলক এই পদৰ পৰা অব্যাহতি দিয়াৰ ঘোষণা কৰিছে সংগঠনটোৰ নেতৃত্বই।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ পৰা হাত সাৰিবলৈ দুমহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজনে।

বৰ্তমান আদিত্য হাস্পতালত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মা।

বৃহস্পতিবাৰে ডিব্ৰুগড়তে বিশেষজ্ঞ চিকিৎসকে সম্পন্ন কৰে আনন্দৰ জটিল অস্ত্ৰোপচাৰ।