দুধনৈ-দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত নগাঁৱৰ দুজনকৈ যুৱ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা মৃত্যুৰ ঘটনাই অকল্পনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ মাজৰ পৰা ক’ভিডে অকালতে কাঢ়ি নিছে বহু যুৱ প্ৰতিভাক।

এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে অসংখ্য পৰিয়ালৰ লগতে ৰাজ্যবাসী।

গােৱালপাৰা জিলাৰ দুধনৈ মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত দুজনকৈ অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু হৈছে।

উল্লেখ্য যে দুধনৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ডঃ ভাৰত ভূষণ বৰাৰ লগতে দিছপুৰ মহাবিদ্যালয়ত কৰ্মৰত ডঃ নৃপেন মেধীৰ ক’ভিড-১৯ত মৃত্যু ঘটে।

ডঃ ভাৰত ভূষণ বৰা(৩৬)ৰ ঘৰ নগাঁও জিলাৰ বাতীচৌং মৌজাৰ অন্তৰ্গত কুজিদাঁহ অঞ্চলত।

এজন অতি মেধাৱী এই যুৱকজন কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক জিতেন বৰাৰ কনিষ্ঠ পুত্ৰ।

ডঃ ভাৰত ভূষণ বৰা

কুজিদাঁহৰ ঘৰতে থকা ডঃ বৰা কিছুদিনৰ পূৰ্বে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

এনেদৰে চিকিৎসাধীন অৱস্থাত থকাৰ মাজতে মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত বুধবাৰে দিনৰ প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

অতি মেধাৱী যুৱকজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত প্ৰায় পাঁচ বছৰৰ পূৰ্বে দুধনৈ কলেজত গণিত বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল।

তেওঁ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰপৰা গণিত শাস্ত্ৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ মৃত্যুৰ সময়ত পিতৃ-মাতৃ, এজন ককায়েকসহ বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়।

জানিব পৰা মতে, যুৱকজনৰ মাতৃ বৰ্তমান ক’ৰনাত আক্ৰান্ত হৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইপিনে, ডঃ নৃপেন মেধীৰ ঘৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীগুৰি গাঁৱত। তেওঁ দিছপুৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল।

ডঃ নৃপেন মেধী

সৰুৰে পৰা অতি মেধাসম্পন্ন ডঃ মেধী এসপ্তাহ পূৰ্বে ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল। ইয়াৰ পাছতে তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

কিন্তু স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটি মংগলবাৰে নিশা তেওঁৰ মৃত্যু হয়। দুজনকৈ যুৱ অধ্যাপকৰ অকাল মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে কৰ্মস্থলীৰ লগতে জন্মস্থানতাে।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত অসুস্থ শহুৰেকক দাংকােলা কৰি এম্বুলেঞ্চত উঠালে ‘পজিটিভ’ বোৱাৰীয়ে!

ভয়ংকৰ কাণ্ড! এঘণ্টাতে ৩ পালি ক’ভিড প্ৰতিষেধক প্ৰদান বৃদ্ধ মহিলাক

Leave a Comment