দুৰ্গা পূজাত ছুটী লৈ স্বগৃহলৈ অহা ধুবুৰীৰ সেনা জােৱান অশােক ৰায়ৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু

নিউজ ডেস্ক। দুৰ্গা পূজাৰ বাবে ছুটী লৈ ঘৰলৈ অহা ধুবুৰীৰ ভাৰতীয় সেনাৰ এগৰাকী জােৱান পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু ঘটে।

শুকুৰবাৰে সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হয় ধুবুৰী জিলাৰ তামাৰহাটৰ উজান পেটলা গাঁৱৰ বাসিন্দা অশােক ৰায় নামৰ জােৱানজনৰ।

প্ৰয়াত জােৱানজনৰ বয়স মাত্ৰ ২੦ বছৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে গোসাইগাঁও মহকুমাৰ তুলসীবিলত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ উজান পেটলা গাঁৱৰ সেনা জােৱান অশােক ৰায়ৰ।

জানিব পৰা মতে, ভাৰতীয় সেনা বাহিনীৰ গ্ৰেনেডিয়াৰ অশোক ৰায় (২২) দুৰ্গা পূজা উপলক্ষে ছুটী লৈ ঘৰলৈ আহে।

বুধবাৰে কোৰাঝাৰ চহৰৰ ভাৰতীয় ষ্টেট বেংকত বিশেষ কাম থকা বাবে নিজা মটৰচাইকেল লৈ কোকৰাঝাৰলৈ যায়।

বেংকৰ কাম-কাজ সামৰি বিয়লি ঘৰলৈ উভতি অহাৰ সময়ত তুলসীবিল বজাৰৰ নিকটৱৰ্তী পেট্রল পাম্পৰ সন্মুখত বিপৰীত দিশেৰে অহা আন এখন মটৰ চাইকেলে খুন্দা মাৰে। ফলত অশোক ৰায় বাগৰি পৰে আৰু গুৰুতৰ আঘাত পায়।

ইফালে দুর্ঘটনা সংঘটিত কৰা আনখন মটৰ চাইকেল পলাই যায়।

পথত ছটফটাই থকা অৱস্থাত অশোক ৰায়ক পথচাৰীয়ে দেখা পাই ততাতৈয়াকৈ কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও ইয়াৰ পূৰ্বে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

উল্লেখ্য, ভাৰতীয় সেনাত কৰ্মৰত অশোক দুৰ্গা পূজাত ঘৰত আহি বিশ্বকৰ্মা পূজাৰ দিনা এখন মটৰ চাইকেল ক্রয় কৰিছিল।

উক্ত ঘটনাই বৃহত্তৰ তামাৰহাট অঞ্চলত শোকৰ ছাঁ পেলাইছে।

শুকুৰবাৰে অগণন লােকৰ উপস্থিতিত সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হয় সেনা জােৱানজনৰ।

1 thought on “দুৰ্গা পূজাত ছুটী লৈ স্বগৃহলৈ অহা ধুবুৰীৰ সেনা জােৱান অশােক ৰায়ৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু”

Comments are closed.