দেশবাসীৰ হৃদয় জয় কৰি অলিম্পিকৰ পৰা বিদায় ল’লে মেৰীকমে

নিউজ ডেস্ক। জীৱনৰ অন্তিমটাে অলিম্পিকত পদ লাভ নকৰিলেও দেশবাসীৰ হৃদয় জয় কৰি টকিঅ’ অলিম্পিকৰ পৰা বিদায় ল’লে কিংবদন্তি বক্সাৰ মেৰীকমে।

প্ৰি-কােৱাৰ্টাৰ ফাইনেলৰ খেলত শক্তিশালী প্ৰতিদ্বন্দ্বী কলম্বিয়াৰ বক্সাৰৰ সৈতে ২-৩ ৰ ব্যৱধানত পৰাজিত হ’ল মেৰীকম।

প্ৰথম ৰাউণ্ডত আগবাঢ়ি আছিল ভেলেঞ্চিয়া। দ্বিতীয় ৰাউণ্ডত দুৰ্দান্ত কাম বেক কৰে মেৰী কমে। কিন্তু তৃতীয় ৰাউণ্ডত গুৰুত্বপূৰ্ণ পাঞ্চ মৰাৰ বাবে সফল হ’ল ভেলেঞ্চিয়া। মেচৰ শেষত প্রতিদ্বন্দ্বীক সাৱটি ধৰে মেৰীয়ে।

অলিম্পিকত এইয়াই হল মেৰী কমৰ শেষ বাৰৰ প্ৰতিযোগিতা।

টকিঅ’ৰ ককোগিকান এৰিনালৈ বৃহস্পতিবাৰে দুপৰীয়া সকলো ভাৰতীয়ৰে দৃষ্টি নিৱদ্ধ আছিল। দ্বিতীয় মেচত বক্সিং ৰিঙত নামিছে মেৰী কম। সকলোৰে দৃষ্টি থকাটো স্বাভাৱিক। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতীয় বক্সাৰ ৰাণীৰ জয়ৰ দৃশ্য চাবলৈ ৰৈ আছিল সকলো। আজি জয়লাভ কৰাৰ লগে লগেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হলহেঁতেন ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন গৰাকীৰ।

উল্লেখ্য যে অলিম্পিকত অভিজ্ঞতাৰ ক্ষেত্ৰত মেৰী কমতকৈ অধিক আগবঢ়া ভেলেঞ্চিয়া। ৰিঅ’ অলিম্পিকৰ বাবে মেৰী কমে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল। কিন্তু ভেলেঞ্চিয়াই ব্ৰঞ্জৰ পদক জয় কৰিছিল।

পান আমেৰিকান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল কলম্বিয়ান বক্সাৰ গৰাকীয়ে। মেৰীৰ বয়স ৩৮ হোৱাৰ বিপৰীতে ভেলেঞ্চিয়াৰ ৩২ বছৰ। অৱশ্যে দুয়োগৰাকীৰ মাজত ৰাছিয়াত হোৱা শেষ প্ৰতিযোগিতাত জয় হৈছিল মেৰী।

এইয়াই আছিল মেৰীৰ শেষ অলিম্পিক। সেয়েহে পদক ননাকৈ দেশলৈ ঘূৰি নাহো বুলি কৈছিল তেওঁ। কোৰোনা মহামাৰীৰ মাজতো পৰিয়ালৰ পৰা আঁতৰি তেওঁ প্ৰস্তুতি অব্যাহত ৰাখিছিল। ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল অলিম্পিক বিজয়ী হোৱাৰ। মেৰীৰ জেব, কাট, কম্বিনেচন পাঞ্চ যে ডাঙৰ শক্তি সেইয়া ভালদৰে জানিছিল ভেলেঞ্চিয়াই।

আনহাতে ভেলেঞ্চিয়াৰ উচ্চতা, শক্তি আৰু দ্ৰুত ফুটৱৰ্ক সম্পৰ্কে জানিছিল মেৰীয়ে। তথাপিও দুয়োৱে যুঁজ দিছিল অধিক আকৰ্ষণীয় ৰূপত। ভেলেঞ্চিয়াইয়ো মেৰীৰ লগত শেষ পৰাজয়ৰ পোতক তোলাৰ আশাৰে দিছিল যুঁজ। মেৰী কমে ললে বিদায়, কিন্তু তেওঁ বিশ্বত ৰাখি গল এক জীৱন্ত ইতিহাস। যিসমূহ লৈ নতুন প্ৰজন্মই লাভ কৰিব প্ৰেৰণা। অলিম্পিকত জয়ী নহলেও মেচৰ শেষৰ প্ৰকাশ ভংগীয়ে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হল মেৰী কমে।

Leave a Comment