দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি চনু সুদক!

নিউজ ডেস্ক। পাঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে বৃহৎ চমক প্ৰদান দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ।

দিল্লী চৰকাৰৰ এটা নতুন আঁচনি ‘দেশ কা মেন্টৰ’ ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত হ’ল অভিনেতা চনু সুদ।

বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে চনু সুদৰ সাক্ষাতৰ পিছত শুকুৰবাৰে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়।

মূলতঃ দিল্লী চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শনৰ উদ্দেশ্যেৰেই গ্ৰহণ কৰা হৈছে এই অভিলাষী আঁচনী।

উল্লেখ্য যে কোৰোনা মহামাৰীৰ সময়ত সাধাৰণ জনতাৰ কাষত থাকি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল চনু সুদে।

পাঞ্জাৱৰ মোগাত জন্মগ্ৰহণ কৰিছিল চনু সুদে। সেয়েহে অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া পাঞ্জাৱ নিৰ্বাচনত দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চনুৰ নিযুক্তিয়ে এক ৰাজনৈতিক দিশ সূচাইছে বুলি অনুমান কৰা হৈছে।

অৱশ্যে চনু সুদে শিশুৰ বাবে দিল্লী চৰকাৰৰ এই বিশেষ কাৰ্যসূচী প্ৰচাৰ কৰিব বুলি জানিব পৰা গৈছে।

ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “নিজৰ ব্যস্ত সময় সূচীৰ মাজতে আমাক সময় দিয়াৰ বাবে চনু সুদক ধন্যবাদ। সমগ্ৰ দেশৰ বাবেই তেওঁ অনুপ্ৰেৰণা। সহায়ৰ বাবে তেওঁৰ মুখলৈ হাজাৰ হাজাৰ মানুহে চাই থাকে। চৰকাৰে যি কাম কৰিব নোৱাৰে, তেওঁ অকলেই সেই কাম কৰি দেখুৱালে। দিল্লী চৰকাৰৰ কাম তেওঁ তুলি ধৰিব।”

উল্লেখ্য যে বৰ্তমান চনু সুদ পাঞ্জাৱ চৰকাৰৰ কভিড টিকাকৰণ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছেডৰ।

Leave a Comment