নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষা কৰা গানভিয়ে মৃত্যুৰ পিছতো দি থৈ গ’ল নতুন জীৱন

জীৱিতকালত নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষা কৰি যোৱা কৰ্ণাটকৰ এগৰাকী যুৱতীয়ে মৃত্যুৰ পিছতো আনক দি থৈ গ’ল জীৱন।

কৰ্ণাটকৰ বেংগালুৰুৰ ২২ বছৰীয়া টি কে গানভিৰ বাবেই আজি নতুন জীৱন লাভ কৰিলে একাধিকজনে।

উল্লেখ্য যে, বেংগালুৰুৰ নিৰ্মলা নাৰ্চিং হোমত নাৰ্ছ হিচাপে কৰ্মৰত আছিল টি কে গানভি নামৰ ২২ বছৰীয়া যুৱতীগৰাকী।

যোৱা ৮ ফেব্ৰুৱাৰীৰ নিশা নাৰ্ছিং হোমত কৰ্তব্যৰত অৱস্থাতে হঠাৎ অচেতন হৈ ঢলি পৰে গানভি। লগে লগে তেওঁক হাস্পতালখনতে চিকিৎসা প্ৰদান কৰা হয় যদিও ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে যুৱতীগৰাকীৰ।

যাৰ বাবে গানভিক পৰৱৰ্তী সময়ত বেংগালুৰুৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু যোৱা ১২ ফেব্ৰুৱাৰীত তেওঁক “ব্ৰেইন ডেড” ঘোষণা কৰে চিকিৎসকে।

ইফালে গানভিৰ মৃত্যুৰ বাৰ্তা লাভ কৰাৰ পিছতে তেওঁৰ পিতৃ-মাতৃয়ে গানভিৰ দেহৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি বিশেষজ্ঞ চিকিৎসকৰ এটা দলে গানভিৰ যকৃত, বৃক্ক আৰু হাৰ্টৰ ভালভ আন ৰোগীৰ দেহত সফল সংৰোপন কৰি নতুন জীৱন প্ৰদান কৰিবলৈ সক্ষম হয়।

নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষাত ব্ৰতী হোৱা ২২ বছৰীয়া যুৱতীগৰাকীয়ে এনেদৰে মৃত্যুৰ পিছতো আনৰ বাবে সহায় হৈ পৰে। যাৰ বাবে আজি মৃত্যুৰ পিছতো গানভিক অন্তৰেৰে ধন্যবাদ জনাইছে।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

Leave a Comment