নিজৰ কণমানি পুত্ৰক চৰকাৰী অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰেৰণ কৰি আদৰ্শ গঢ়িছে অসমৰ এইখন জিলাৰ উপায়ুক্তই

নিউজ ডেস্কঃ কোৱা হয়- যেতিয়া নেতা-মন্ত্ৰী আৰু উচ্চপদস্থ আৰু বিষয়াসকলে নিজৰ নিজৰ সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ুৱাব, তেতিয়াহে চৰকাৰী স্কুলৰ মানদণ্ড প্ৰকৃতাৰ্থত উন্নত হ’ব।

কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়াই যে আমাৰ দেশৰ নেতা-মন্ত্ৰী বা চৰকাৰী উচ্চ পদস্থ বিষয়াৰ সন্তানে চৰকাৰী বিদ্যালয়ত নপঢ়ে।

চৰকাৰী বিদ্যালয়ত পঢ়ে কেৱল আৰ্থিকভাৱে দুৰ্বল দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়েহে। সেইবাবেই হয়তো আজিও আমাৰ দেশৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা তথৈবচ।

কিন্তু মোটা অংকৰ দৰমহা পোৱা চৰকাৰী বিষয়াৰ ল’ৰা-ছোৱালীয়ে চৰকাৰী স্কুললৈ নাযায়- এনে ধাৰণাকে ভুল প্ৰতিপন্ন কৰি এক আদৰ্শ স্থাপনৰ চেষ্টা কৰিছে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে।

নিজৰ ২ বছৰীয়া কণমানি পুত্ৰক এখন সাধাৰণ চৰকাৰী অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰেৰণ কৰি আন আন উচ্চপদস্থ বিষয়া তথা নেতা-মন্ত্ৰী-বিধায়কৰ বাবে এক নজিৰ সৃষ্টি কৰিছে উপায়ুক্ত সুমিত সত্তৱানে।

বিগত দুমাহ ধৰি তেওঁৰ কণমানি পুত্ৰ ইশ্ৰিত সত্তাৱনে প্ৰতিদিনে আহে এখন চৰকাৰী অংগনৱাড়ী কেন্দ্ৰলৈ। তাত অন্য কণ কণ শিশুৰ সৈতে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিছে উপায়ুক্তৰ পুত্ৰই।

সমান্তৰভাৱে অইন শিশুৰ দৰেই অংগনৱাড়ী কেন্দ্ৰৰ পৰা দিয়া দুপৰীয়াৰ আহাৰো খাইছে ইশ্ৰিতে।

উপায়ুক্তগৰাকীয়ে তেওঁৰ পুত্ৰক কোনো ব্যক্তিগত প্ৰি-স্কুল বা শিক্ষা প্ৰতিষ্ঠানলৈ প্ৰেৰণ নকৰি এখন চৰকাৰী অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰেৰণ কৰা দৃশ্যই মন চুইছে সকলোৰে।

উপায়ুক্তগৰকাৰী এনে আদৰ্শকে সৰোগত কৰি আন আন শীৰ্ষ বিষয়া তথা নেতা-মন্ত্ৰীয়েও নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড বহু উন্নত হ’ব বুলিও মন্তব্য কৰিছে বহুতে।