নিৰজ চােপ্ৰালৈ হাৰয়ানা চৰকাৰৰ ৬ কােটি, মণিপুৰ চৰকাৰৰ ১ কােটি টকা প্ৰদানৰ ঘােষণা

নিউজ ডেস্ক। দেশৰ অলিম্পিকৰ ইতিহাসত ব্যক্তিগত শাখাত স্বৰ্ণ পদক জয় কৰা প্ৰথমজন এথলীট হিচাপে দেশবাসীক গৌৰৱান্বিত কৰিলে ভাৰতীয় সেনাৰ চুবেদাৰ নিৰজ চােপ্ৰাই।

নিৰজ চােপ্ৰাৰ এই ঐতিহাসিক সাফল্যক লৈ সমগ্ৰ দেশজুৰি বৈছে আনন্দৰ বন্যা।

নিৰজ চােপ্ৰাই বাস কৰা হাৰয়ানাৰ পানীপতত উঠিছে আনন্দৰ জােৱাৰ।

ইপিনে, হাৰয়ানা চৰকাৰে ৰাজ্যখনত খেল নীতি অনুসৰি নিৰজ চােপ্ৰালৈ নগদ ৬ কােটি টকা প্ৰদানৰ ঘােষণা কৰিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনােহৰ লাল খট্টৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে নগদ ধনৰ উপৰি নিৰজ চােপ্ৰালৈ প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি তথা ৫੦ শতাংশ ৰেহাইত যিকােনাে ঠাইতে মাটি ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

ইয়াৰ উপৰি পঞ্চকুলাত এথলীটৰ বাবে চেন্টাৰ অব্ এক্সিলেঞ্চ স্থাপন কৰি ইয়াৰ মুৰব্বী হিচাপে নিৰজ চােপ্ৰাৰ সন্মতিক্ৰমে তেওঁ এই প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি প্ৰদান কৰিব।

ইপিনে, মণিপুৰ চৰকাৰৰ জৰুৰী কেবিনেট বৈঠকত নিৰজ চােপ্ৰাক এই ঐতিহাসিক সফলতাৰ বাবে শুভেচ্ছা জনােৱাৰ লগতে নগদ ১ কােটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত লােৱা হৈছে।

Leave a Comment