পত্নী ৭ মাহৰ অন্তঃসত্বা! কৰ্তব্যৰ সময়তে নক্সালবাদীৰ আক্ৰমণত শ্বহীদ CRPF জোৱান ধৰ্মেন্দ্ৰ কুমাৰ…

নিউজ ডেস্কঃ ৭ মাহৰ অন্তঃসত্বা পত্নী আৰু দুই সন্তানক এৰি নেদেখা পৃথিৱীলৈ গুচি গ’ল চিআৰপিএফৰ জোৱান ধৰ্মদেৱ কুমাৰ।

দেওবাৰে ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে অন্তঃসত্বা পত্নী আৰু পৰিয়াল।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বাৰানসীৰ ছাহাবগঞ্জ থানা এলেকাৰ ঠেকাহান গাঁৱৰ নিৱাসী ধৰ্মদেৱ কুমাৰে ২০১৩ চনত চিআৰপিএফত যোগদান কৰিছিল।

৩২ বৰ্ষীয় জোৱানজনে ২০০৮ চনত বিবাহ পাশত আৱদ্ধ হয় বাৰানসীৰ মীনা দেৱীৰ সৈতে। তেওঁলোকৰ দুটি কন্যা সন্তান হৈছে ৮ বছৰীয়া জ্যোতি আৰু ৫ বছৰীয়া সাক্ষী। আনহাতে বৰ্তমান ৭ মাহৰ অন্তঃসত্বা তেওঁৰ পত্নী।

এইবাৰ ফাকুৱাৰ সময়ত শেষবাৰৰ বাবে তেওঁ ঘৰলৈ গৈছিল। পৰিয়ালৰ সৈতে কিছুদিন থকাৰ পিছত পুনৰ কৰ্তব্যত যোগ দিছিল ধৰ্মদেৱে।

কৰ্তব্যৰ সময়তে ছত্তীশগড়ৰ নক্সালবাদীৰ আক্ৰমণত জোৱানগৰাকী শ্বহীদ হোৱাৰ খবৰ লাভ কৰি শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

ইফালে শ্বহীদ জোৱানজনৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে। সমান্তৰালভাৱে শ্বহীদৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে উত্তৰ প্ৰদেশ চৰকাৰে।

একে সময়তে অঞ্চলটোৰ এটা পথ শ্বহীদ জোৱান ধৰ্মেন্দ্ৰ কুমাৰৰ নামেৰে নামাকৰণ কৰা হ’ব বুলিও ঘোষণা কৰিছে জিলা প্ৰশাসনে৷