পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি ঘাইপথৰ দাঁতিত সামূহিক ভাগৱত পাঠ!

নিউজ ডেস্ক। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা।

এনে পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে বিশ্বনাথ চাৰিআলিৰ নামবাঘমৰা আৰু কোবাইগড়া গাৱঁৰ মধ্যস্থল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সামূহিকভাৱে ভাগৱত পাঠৰ আয়োজন কৰা হয়।

প্ৰায় তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰা এই ভাগৱত পাঠৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে বয়োজেষ্ঠ তথা সমাজকৰ্মী পদুৰাম হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মহেন্দ্ৰ বৰাই।

উল্লেখ্য যে নামবাঘমৰা, কোবাইগড়া, সামৰিখোৱা, মাজবাঘমৰা আৰু বুঢ়ীগাং গাঁৱৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়।

ভাগৱত পাঠত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে জগত বনিয়া আৰু দিলীপ বৰুৱা। আনহাতে পাঁচজন পাঠেকে ভাগৱত ভাগ পাঠ কৰে।

Leave a Comment