পানীত জুই! সাগৰ পৃষ্ঠৰ ভয়াৱহ জুইৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল

নিউজ ডেস্ক। এক অবিশ্বাস্য লগা যেন ঘটনা। সাগৰ পৃষ্ঠৰ ভয়াৱহ জুই।

সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে। অৱশ্যে সম্প্ৰতি সেই জুই নিৰ্বাপিত হৈছে।

শুকুৰবাৰে পুৱতি নিশা মেক্সিকোৰ য়ুকাটান উপদ্বীপৰ পশ্চিমে সাগৰ পৃষ্ঠত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।

এই কথা জানিবলৈ দিয়ে ৰাজ্যিক তেল কোম্পানী পেমেক্সে।

পানীৰ তলৰ পাইপলাইনৰ পৰা গেছ লিক হোৱাৰ বাবে অগ্নিৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা যায়।

গলিত লাভাসদৃশ পানীৰ পৰা ওলাই অহা উজ্জ্বল কমলা ৰঙৰ জুইক জুইৰ বৃত্তাকাৰ আকৃতিৰ বাবে সামাজিক মাধ্যমত “জুইৰ চকু” বুলি অভিহিত কৰিছিল বহুতে।

পেমেক্সৰ মতে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ পাঁচ ঘণ্টাতকৈও অধিক সময় লাগিছিল।

কোম্পানীটোৱে জনোৱা অনুসৰি, জুই পানীৰ তলৰ এক পাইপলাইনত আৰম্ভ হৈছিল। যি পেমেক্সৰ সহযোগী কু মালুব জাপ তেল বিকাশৰ এক ক্ষেত্ৰৰ সৈতে সংযোগ হয়। কু মালুব জাপ মেক্সিকো উপসাগৰৰ দক্ষিণ প্ৰান্তৰ পৰা ঠিক ওপৰলৈ অৱস্থিত।

পেমেক্সে লগতে কয় যে, স্থানীয় সময় অনুসৰি প্ৰায় ৫:১৫ বজাত গেছ লিক হোৱাৰ পিছত প্ৰকল্পটোৰ উৎপাদন ক্ষেত্ৰত কোনো প্ৰভাৱ পৰা নাছিল। ইয়াক ১০:৩০ বজাত সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰা হৈছিল।

কোম্পানীৰ কৰ্মীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ নাইট্ৰজেন ব্যৱহাৰ কৰিছিল। বৰ্তমানলৈকে কোনো লোকৰ আঘাতৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে কু মালুব জাপ হৈছে পেমেক্সৰ আটাইতকৈ বৃহৎ খাৰুৱা তেল উৎপাদক। যি সংস্থাৰ দৈনিক উৎপাদনৰ প্ৰায় ১.৭ নিযুত বেৰেলৰ ৪০% তকৈও অধিক উৎপাদন কৰে।

Leave a Comment