পিতৃ-কন্যাই একেলগে যুঁজাৰু বিমান উৰুৱাই সৃষ্টি কৰিলে নতুন অভিলেখ…

নিউজ ডেস্ক। প্ৰতিগৰাকী ছোৱালীৰ জীৱনৰ প্ৰথম নায়ক হ’ল তেওঁৰ পিতৃ।

পিতৃৰ পদাংক অনুসৰণ কৰি পিতৃৰ আদৰ্শৰে জীৱন গঢ়াটো প্ৰতিজনী ছোৱালীৰে যেন অন্যতম সপোন।

তাৰে ভিতৰত এনে কিছুমান সৌভাগ্যবান ছোৱালী থাকে যি কেৱল ব্যক্তিগত জীৱনতে নহয় কৰ্মজীৱনটো পিতৃৰ সান্নিধ্য আৰু শিক্ষা লাভ কৰে।

এয়াৰ কমোডৰ সঞ্জয় শৰ্মা আৰু ফ্লাইং অফিচাৰ অনন্যা শৰ্মাই ভাৰতীয় বায়ু সেনা (Indian Air Force) ৰ যুঁজাৰু বিমান একেলগে উৰুৱা প্ৰথম পিতৃ-কন্যাযুটি হিচাপে ইতিহাস সৃষ্টি কৰিছে।

অন্যন্যাৰ পিতৃয়ে কেৱল তেওঁক সপোনৰ পাখী লগাই উৰিবলৈ শিকোৱা নাই, বৰঞ্চ দিঠকতো আকাশ চোৱাৰ সপোন পূৰণত সহায় কৰিছে।

সৰু অনন্যা ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ দেউতাকক ভাৰতীয় বায়ু সেনাৰ এজন যুঁজাৰু পাইলট হিচাপে দেখি আহিছিল।‌

ডাঙৰ হোৱাৰ পিছত, বায়ুসেনাৰৰ বাহিৰে আন কোনো বৃত্তিৰ অংশ হ’ব বুলি তেওঁ কল্পনা কৰিবও পৰা নাছিল।

২০১৬ চনত আই.এ.এফ.-ৰ প্ৰথম মহিলা যুঁজাৰু পাইলটসকলে সেৱাত প্ৰৱেশ কৰাৰ লগে লগে, অনন্যাই তেওঁৰ জীৱনজোৰা সপোন পূৰণৰ এটা আশা দেখিছিল।

ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্বনত বি টেক সম্পূৰ্ণ কৰাৰ পিছত, তেওঁক আই.এ.এফ.-ৰ উৰণ শাখাৰ বাবে প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ২০২১ চনৰ ডিচেম্বৰত যুঁজাৰু পাইলট হিচাপে নিযুক্ত কৰা হৈছিল।

আনহাতে, অনন্যাৰ পিতৃ এয়াৰ কমাণ্ডৰ সঞ্জয় শৰ্মা ১৯৮৯ চনত আইএএফৰ যুঁজাৰু শাখাত নিযুক্ত হৈছিল। তেওঁ যুঁজাৰু অভিযানৰ এক বিস্তৃত অভিজ্ঞতা লাভ কৰিছে, তেওঁ মিগ-21 স্কােৱাড্ৰনৰ লগতে ফ্ৰণ্টলাইন ফাইটাৰ ষ্টেচন এটাৰ নেতৃত্ব বহন কৰিছে।

পিতৃ-কন্যাৰ যুটিটোৱে ৩০ মে, ২০২২ তাৰিখে ইতিহাস সৃষ্টি কৰি বায়ু সেনা ষ্টেচন বিদাৰত হক-১৩২ বিমানত একেলগে উৰা মাৰিছিল।

আইএএফত আগতে এনে কোনো উদাহৰণ নাছিল য’ত এজন দেউতাক আৰু তেওঁৰ জীয়েক এটা অভিযানৰ বাবে একেখন যুঁজাৰু গঠনৰ অংশ আছিল।