পুখুৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

নিউজ ডেস্ক। কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ সাঁপ।

গাঁওখনৰ এজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰটো।

গাওঁখনৰ বিদ্যুৎ হাজৰিকা নামৰ যুৱকজনে উদ্ধাৰ কৰে প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ প্ৰায় ১৬ কেজি ওজনৰ অজগৰটো।

গাওঁখনত উদ্ধাৰ হোৱা অজগৰটো চমজাই দিয়ে বনবিভাগৰ হাতত।

পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰ সাঁপটো।

Leave a Comment