পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ SBI ৰ! ATM ৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম বলৱৎ

নিউজ ডেস্ক। নিতৌ নতুন নতুন নিয়ম বলৱৎ কৰি গ্ৰাহকৰ মূৰত মাধমাৰ সােধাইছে ৰাজহুৱা খণ্ডৰ অধিকাংশ বেংকে। বিশেষকৈ এটিএমৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অদ্ভূত চৰ্ত আৰােপ কৰি বছৰি হাজাৰ হাজাৰ কােটি জৰিমনা সংগ্ৰহ কৰিছে একাংশ বেংকে।

ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহত্তৰ বেংক ভাৰতীয় ষ্টেট বেংকেও প্ৰায়ে সংযোজন কৰিছে নতুন নতুন কিছু নিয়ম। সেই অনুসৰি এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিছে কিছু নতুন নিয়ম।

লগতে পঢ়কঃ অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা

যদিহে নতুন নিয়ম জানি নলয় আপুনি ভৰিবলগীয়া হ’বও পাৰে ধন। সেয়েহে এ টি এমৰ পৰা ধন উলিওৱাৰ আগত এই নিয়ম জানি লওক।

ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা যদি আপুনি আপোনাৰ একাউণ্টত নথকা ধনতকৈ অতিৰিক্ত ধন উলিয়াবলৈ চেষ্টা কৰে, তেন্তে প্ৰতি বাৰৰ বাবদ আপুনি ভৰিব লাগিব ২০ টকা। অৰ্থাৎ যদি আপোনাৰ একাউণ্টত পৰ্যাপ্ত ধন নাথাকে, তথাপিও আপুনি পইচা উলিয়াবলৈ চেষ্টা কৰে। তেন্তে বেংকে আপোনাৰ পৰা কাটি লব ২০ টকা জৰিমনা। লগতে প্ৰযোজ্য হব জি এছ টি।

লগতে পঢ়কঃ সুৰা সেৱন নকৰাকৈ মাতাল হৈ পৰে এগৰাকী মহিলা! কাৰণ জানি আপুনিও হ’ব আচৰিত

ইয়াৰোপৰি এজন এছ বি আইৰ গ্ৰাহকে মাহত ৮ টা বিনামূলীয়া লেন দেনৰ সুবিধা পায়। ৫ টা নিজৰ বেংক আৰু ৩ টা অন্য বেংকত। আৰু যদিহে ৮ বাৰতকৈ মাহত অধিক লেনদেন কৰে তেন্তে অতিৰিক্ত প্ৰতিটো লেনদেনৰ বাবদ ভৰিব লগা হয় ১০ টকা। কিন্তু এতিয়াৰে পূৰ্বৰ ১০ টকাৰ পৰিবৰ্তে ভৰিব লাগিব ২০ টকা জৰিমনা।

তলাবন্ধৰ বাবে পূৰ্বৰে পৰা আৰ্থিক সমস্যাৰ সন্মুখীন হােৱা সাধাৰণ গ্ৰাহকৰ বাবে এনে নতুন নতুন নিয়মে তেওঁলােকৰ সমস্যা বৃদ্ধিহে কৰিব বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ ঘৰৰ পৃথক পৃথক কােঠালীত উদ্ধাৰ দম্পতীৰ মৃতদেহ!

Leave a Comment