পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানলৈ উন্নীত নীৰজ চোপ্ৰা

নিউজ ডেস্ক। নীৰজ চোপ্ৰাৰ ৰেকৰ্ড। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী কৃতিত্বৰ পিছত নীৰজ চোপ্ৰাই শেহতীয়াকৈ পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানত উপনীত হৈছে।

এয়া হৈছে ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং।

গ্ৰীষ্মকালীন ক্ৰীড়াৰ পূৰ্বে ভাৰতীয় খেলুৱৈগৰাকী বিশ্বৰ ১৬ নম্বৰ স্থানত আছিল।

উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২০ ত স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড ফিল্ড অলিম্পিক পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছিল।

শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ পিছত নীৰজ চোপ্ৰাই দেশৰ দ্বিতীয় অলিম্পিক স্বৰ্ণ পদক বিজয়ী হ’বলৈ সক্ষম হয়।

নীৰজে অলিম্পিকৰ স্বৰ্ণ জয় কৰিবলৈ ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰিছিল। আমোদজনক ভাৱে, ফাইনেলত তেওঁৰ ৮৭.০৩ মিটাৰৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’য়েও তেওঁক স্বৰ্ণ জয় কৰালেহেঁতেন।

বিশ্ব ৰেংকিঙত নীৰজ চোপ্ৰাৰ ওপৰত থকা একমাত্ৰ খেলুৱৈ হৈছে জাৰ্মানীৰ জোহানেছ ভেটাৰ। স্বৰ্ণ প্ৰিয় বুলি গণ্য কৰা ভেটাৰে টকিঅ’ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ৰ ফাইনেলত কেৱল নৱম স্থানতে থাকিবলগীয়া হৈছিল।

ইফালে, ভাৰতৰ শিৱপাল সিঙে পূৰ্বৰ দুটা স্থান হ্ৰাস কৰি বিশ্বৰ ২০ নম্বৰ স্থান লাভ কৰে। শিৱপাল সিঙেও টকিঅ’ত অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। কিন্তু ফাইনেলত প্ৰৱেশ কৰিবলৈ তেওঁ অক্ষম হৈছিল।

আনহাতে বিশ্বৰ পুৰুষৰ জেভলিন থ্ৰ’ৰ শীৰ্ষ-১০০ ত থকা ৰোহিত যাদৱ (বিশ্বৰ ৫৬ নম্বৰ), যশবীৰ সিং (বিশ্বৰ ৬৩ নম্বৰ) আৰু ডি পি মনু (বিশ্বৰ ৮৪ নম্বৰ) হৈছে আন ভাৰতীয়।

ইয়াৰোপৰি মহিলাৰ জেভলিন থ্ৰ’ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অন্নু ৰাণী বৰ্তমান বিশ্বৰ ১৬ নম্বৰ স্থানত থাকিবলৈ সক্ষম হয়। তেওঁ টকিঅ’ অলিম্পিক ২০২০ ত আত্মপ্ৰকাশ কৰিছিল। কিন্তু ফাইনেলৰ বাবে তেওঁ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল।

Leave a Comment