পূৰণ নহ’ল সুখৰ সংসাৰ গঢ়াৰ সপোন! বিয়াৰ পিছদিনাই শ্বাসৰুদ্ধ হৈ মৃত্যু দৰা ৰাম মজুমদাৰৰ…

নিউজ ডেস্কঃ সুখৰ সংসাৰ গঢ়াৰ সপোন দেখি বৃহস্পতিবাৰে সম্পন্ন হৈছিল ৰামৰ বিয়াখন। শুকুৰবাৰে ন কইনাই গৰকিছিল চোতাল।

ঘৰৰ উলহ-মালহ পৰিৱেশৰ মাজত যুগ্ম জীৱনক লৈ সুখী আছিল ৰাম। সপোন দেখিছিল এটা সোণালী সুখৰ ভৱিষ্যতৰ।

কিন্তু নিয়তিয়ে যেন ৰামৰ ইচ্ছাক স্বীকাৰ নকৰিলে। শুকুৰবাৰে নিশা শুই থাকোতেই হঠাৎ শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ সন্মুখীন হয় দৰা ৰাম।

তাৰ পিছতে তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ চৰকমাঠত।

জানিব পৰা মতে, বৃহস্পতিবাৰে সম্পন্ন হৈছিল চৰকমাঠৰ নিৱাসী ৰাম মজুমদাৰ নামৰ যুৱকজনৰ বিয়া।

অতি উলহ মালহেৰে বিয়া সম্পন্ন কৰাৰ পিছত শুকুৰবাৰে পুৱা কইনাসহিতে ঘৰলৈ উভতিছিল ৰাম।

কিন্তু শুকুৰবাৰে নিশা শুই থকা সময়তে উশাহ লোৱাত অসুবিধা পায় যুৱকজনে।

পৰিয়ালৰ লোকে লগে লগে ৰামক নিকটৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও আধা বাটতে মৃত্যু ঘটে দৰা।

উল্লখ্য যে, কইনাৰ ঘৰত বিয়া সম্পন্ন কৰাৰ পিছত দেওবাৰে নিজৰ ঘৰত অভ্যৰ্থনাৰ আয়োজন কৰিছিল ৰাম মজুমদাৰে।

কিন্তু তাৰ পূৰ্বেই এনেদৰে বিয়াৰ দৰাজনেই আকস্মিক মৃত্যুক সাৱটি লোৱাত এতিয়া কান্দোনত ভাগি পৰিছে ন কইনাৰ লগতে গোটেই পৰিয়াল।

এই ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ অঞ্চলবাসীকো।