পেট্ৰ’ল পাম্পত কাম কৰি ৪টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল মনােজ…

নিউজ ডেস্কঃ লক্ষ্য স্থিৰ ৰাখি একাগ্ৰতা আৰু নিষ্ঠাৰে সেই লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হ’লে সফলতা সম্ভৱ হৈ উঠে। সেয়াই প্ৰমাণ কৰি দেখুৱালে গোৱালপাৰাৰ এগৰাকী মেধাৱী ছাত্ৰই।

পৰিয়ালৰ আৰ্থিক দৈন্যতাক নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৭৯.৮ শতাংশ নম্বৰেৰে ৪টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল গোৱালপাৰাৰ বগাতৰী গাঁৱৰ মনোজ দাসে।

পূব গোৱালপাৰা জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মনোজ দাসে লাভ কৰিছে এই সাফল্য।

নিজৰ শ্ৰম, একাগ্ৰতা আৰু মনোবলেৰে সকলো প্ৰত্যাহ্বান নেওচি উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা মনোজে সপোন দেখে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ।

উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মনোজ দাসৰ মাতৃয়ে ইঘৰে সিঘৰে কাম কৰি পৰিয়াল পোহপাল দি আহিছে।

সেইবাবেই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে গোৱালপাৰাৰ শোলমাৰীস্থিত এনআৰএল পেট্ৰ’ল পাম্পত কাম কৰিবলৈ আৰম্ভ কৰে মনোজেও।

ভৱিষ্যতত ৰাজনীতি বিজ্ঞানক মূল বিষয় হিচাপে লৈ স্নাতক শিক্ষা গ্ৰহণ কৰিব বিচাৰে মনোজ দাসে।

সেহেয়ে কোনো সদাশয় লোকে বিচাৰিলে মেধাৱী ছাত্ৰজনক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলিও অনুৰোধ জনাইছে মনোজ দাসে।