প্ৰথম কিস্তিৰ ১৫ হাজাৰ টকা ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল কৃষি বিভাগৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসম সচিবালয়ত কৰ্মৰত এগৰাকী দুৰ্নীতি পৰায়ণ কৰ্মচাৰী।

কৃষি বিভাগৰ উচ্চ বৰ্গৰ সহািয়কা হিচাপে কৰ্মৰত এইগৰাকী মহিলা কৰ্মচাৰীৰ নাম পাপৰি দাস মেহেতা।

দুৰ্নীতি নিবাৰক জালত কৃষি বিভাগৰ কৰ্মচাৰী

বিভাগটােত অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন জনােৱা এগৰাকী বিধৱা মহিলাৰ পৰা নিযুক্তিৰ বিনিময়ত ১ লাখ টকাৰ উৎকােচ দাবী কৰিছিল পাপৰি দাস মেহেতা নামৰ কৰ্মচাৰীগৰাকীয়ে।

এই বিষয়া অভিযােগ লাভ কৰি দুৰ্নীতি পৰায়ণ কৰ্মচাৰীগৰাকীক হাতে-লােটে ধৰিবলৈ জাল পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই।

সেই অনুসৰি, ৰাতিপুৱা প্ৰায় ১০.৪৫ বজাত, অভিযানকাৰী দলটােৱে অভিযোগকাৰীৰ পৰা ১৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে হাতে-লােটে ধৰা পেলায়।

জানিব পৰা মতে, কৃষি বিভাগত চৰকাৰী গাড়ী চালক হৈ থকা এগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ পিছতে তেওঁৰ বিধৱা পত্নীয়ে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন জনাইছিল।

অভিযুক্ত কৰ্মচাৰীজনে প্ৰথম কিস্তিত ১৫ হাজাৰ টকা লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হ’বলগীয়া হয়।

এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাই 04/2022 নং গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment