প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নেতাজীৰ জন্মবাৰ্ষিকীত গান গাব পাপনে

নিউজ ডেস্ক। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ভিক্টোৰিয়া মেম’ৰিয়েলত অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰিব।

প্ৰথম পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব।

এই কাৰ্যসূচীত দেশৰ প্ৰসিদ্ধ শিল্পী আৰু বিশিষ্ট ৰাজনীতিকসকলে অংশগ্ৰহণ কৰিব।

সংগীতানুষ্ঠানত প্ৰসিদ্ধ শিল্পী ঊষা উত্থুপে অংশ লোৱাৰ লগতে অসম সন্তান শিল্পী পাপনেও অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে সংগীতানুষ্ঠানতে কোন শিল্পীয়ে অংশ ল’ব, সেই সন্দৰ্ভত ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই যদিও এই সময় নামৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মবাৰ্ষিকীৰ সংগীতানুষ্ঠানত ঊষা উত্থুপ আৰু পাপনে সংগীত পৰিৱেশন কৰিব।

সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে পাপন মুম্বাইৰ পৰা কলকাতালৈ আহিব।

তেওঁলোকৰ সংগীতানুষ্ঠানক লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে একো প্ৰকাশ কৰা নাই যদিও পশ্চিমবংগৰ সংবাদ মাধ্যম অনুসৰি তেওঁলোক উপস্থিত থকাটো নিশ্চিত।

আনপিনে এই কাৰ্যসূচীত বাঙালী গায়ক সোমলতা আচাৰ্য চৌধুৰীয়েও অংশগ্ৰহণ কৰিব।

মন কৰিবলগীয়া যে ১২৫ সংখ্যক জন্মবাৰ্ষিকীত সুভাষ চন্দ্ৰ বসুৰ সাজ-সজ্জাৰ প্ৰদৰ্শন কৰিব।

তদুপৰি দেশৰ ভিন্ন প্ৰান্তৰ ১০০ নৃত্যশিল্পীয়ে অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিব।

Leave a Comment