প্ৰলােভন নেওচি ১ কােটি টকা মূল্যৰ সােণৰ বিস্কুট জব্দ কৰিলে দুই আৰক্ষীয়ে

নিউজ ডেস্ক। পুনৰ কৰ্তব্যনিষ্ঠ আৰু সততাৰ অনুপম নিদৰ্শন দাঙি ধৰিলে অসম আৰক্ষীৰ দুজন বিষয়া-জােৱানে।

চােৰাং সােণ সৰবৰাহকাৰীৰ সােণৰ টােপােলাৰ প্ৰলােভন নেওচি জব্দ কৰিলে প্ৰায় কােটি টকা মূল্যৰ সােণৰ বিস্কুট।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ দদৰাত।

জানিব পৰা মতে, বুধবাৰে দদৰা আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানৰ সময়ত এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰিছিল ১৯ খন সােণৰ বিস্কুট।

প্ৰায় ২ কিলাে ২੦੦ গ্ৰাম ওজনৰ এই সােণখিনিৰ বজাৰ মূল্য ১ কােটি টকা।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এই বাহনখনত থকা দুই সােণ সৰবৰাহকাৰী আব্দুল মালেক (বৰপেটা) আৰু নবাব আলী আহমেদ (বৰপেটা) নামৰ দুজন লােককাে আটক কৰে কৰ্তব্যৰত আৰক্ষীয়ে।

উল্লেখ্য যে এই তালাচী অভিযানৰ নেতৃত্ব দিছিল দদৰা আৰক্ষীৰ চকীৰ সহকাৰী উপ-পৰিদৰ্শক (ASI) কুমুদ তালুকদাৰ আৰু ইউ বি কনিষ্টবল তানুক চন্দ্ৰ দাস।

তালাচী অভিযানৰ সময়ত দুই সােণ সৰবৰাহকাৰীয়ে আৰক্ষী দুজনক শকত পৰিমাণৰ উপঢৌকনৰ প্ৰলােভন দি নিৰাপদে তাৰ পৰা আঁতৰি যাব বিচাৰিছিল যদিও সততা পৰিচয় দি আৰক্ষী দুজনে এই প্ৰলােভনত ভােল যােৱা নাছিল।

এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ে।

উল্লেখ্য যে দদৰা আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত গােচৰ ৰুজু কৰি সােণ সৰবৰাহকাৰী দুজন গ্ৰেপ্তাৰ কৰাৰ লগতে AS-01EG-3427 নম্বৰৰ হুণ্ডাই i-10 বাহনখন জব্দ কৰিছে।

Leave a Comment