প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰনাতিৰ বিবাহত এগৰাকী মহিলা হ’ল কাজী

নিউজ ডেস্ক। হিন্দুৱেই হওক বা মুছলমান, সকলো ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰাৰ দায়িত্ব লয় কেৱল পুৰুষে। বিশেষকৈ বিবাহৰ দৰে অনুষ্ঠানত কাজী অথবা ব্ৰাহ্মন বুলিলে আমাৰ সকলোৰে চকুৰ সন্মুখত ভাঁহি উঠে এখন পুৰুষ মুখ।

এয়া পৰম্পৰা। বছৰ বছৰ ধৰি এই পৰম্পৰা অব্যাহত আছে আমাৰ সমাজত। সময় সলনি হৈছে, প্ৰয়োজনীয়তা সলনি হৈছে, কিন্তু সলনি হোৱা নাই মাথো পৰম্পৰা।

আজিৰ যুগত মহিলাই আকাশ চুইছে, অসম্ভৱো সম্ভৱ কৰি তুলিছে। কিন্তু তাৰ পিছতো পৰম্পৰাৰ দোহাই দি ধৰ্মীয় ৰীতি-নীতিৰ পৰা আঁতৰাই ৰখা হৈছে মহিলাক।

কিন্তু এই প্ৰাচীন পৰম্পৰাৰ অৱসান ঘটাই নতুনৰ আৰম্ভণি কৰিবলৈ কোনোবাইটো বাট কাটিবই লাগিব!

সেয়াই কৰি দেখুৱালে এগৰাকী মুছলমান মহিলাই।

মুছলমান ধৰ্মীয় এখন বিবাহত কাজীৰ ভূমিকা পালন কৰি পৰম্পৰা সলনিৰ যেন নতুন বাট কাটিলে মহিলাগৰাকীয়ে। যাৰ বাবে এই বিবাহখন বিশেষ হৈ পৰাই নহয়, এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে বিবাহ আৰু কাজীক লৈ।

এই মহিলাগৰাকীৰ নাম চৈয়দা ছাইদাইন হামিদ। অলপতে ছাইদাইন হামিদে কাজীৰ ভূমিকা পালন কৰি বিবাহ সম্পন্ন কৰোৱায় ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ পৰনাতিৰ। তেওঁ দম্পত্তিহালক নিকাহনামা পঢ়ি শুনোৱাৰ লগতে যাৱতীয় সকলো কাম সম্পন্ন কৰে।

উল্লেখ্য যে, অলপতে দিল্লীত অনু্ষ্ঠিত হৈ যায় দেশৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ পৰনাতি জিব্ৰান ৰেহান ৰহমান আৰু উৰ্চিলা আলীৰ নিকাহ। ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্য উপস্থিত থকা এই বিবাহখনত চৈয়দা ছাইদাইন হামিদে পালন কৰে কাজীৰ ভূমিকা। ইয়াৰে এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, চৈয়দা ছাইদাইন হামিদ প্ৰাক্তন পৰিকল্পনা আয়োগৰ এগৰাকী সদস্যা। হামিদে এক বিবৃতিত কয় যে নিকাহনামাত উল্লেখ কৰা চৰ্তসমূহ মুছলিম মহিলা মঞ্চৰ পৃষ্ঠপোষকতাত প্ৰস্তুত কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে দৰাৰ আইতাক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেঁৱো বিয়াখনত উপস্থিত আছিল।

হামিদে এইটোও কয় যে নিকাহনামা হ’ল এখন চুক্তি। যিয়ে বৈবাহিক জীৱনৰ সকলো দিশৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিটো ক্ষেত্ৰতে, সন্মানৰ সৈতে সমান অধিকাৰৰ কথাও উল্লেখ কৰা হয়।

ইয়াৰ উপৰিও, দৰা আৰু কইনাৰ পাৰস্পৰিক সন্মতি অতি গুৰুত্বপূৰ্ণ। বিয়াখনত কাজীৰ ভূমিক পালন কৰি তেওঁ অতি গৌৰৱাম্বিত বুলিও মন্তব্য কৰে।

Leave a Comment