প্ৰায় ডেৰ কোটি মূল্যৰ বাৰ্মিজ চেগুণ সৰবৰাহৰ সময়ত শিলিগুৰিত গ্ৰেপ্তাৰ অসমৰ বিজেপি নেতাসহ ৩ জন

নিউজ ডেস্কঃ বহিঃৰাজ্যলৈ গোপনে বাৰ্মিজ চেগুণ সৰবৰাহ কৰি শিলিগুৰিত গ্ৰেপ্তাৰ হ’ল অসমৰ বিজেপি নেতা। পশ্চিমবংগৰ শিলিগুৰিৰ ঘোচপুকুৰত সোমবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুণভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে অসমৰ এজন বিজেপি নেতাসহ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

পশ্চিম বংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বৰপেটা জিলাৰ সৰভোগৰ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা আমজাদ খান, গুৱাহাটীৰ চোৰাং ব্যৱসায়ী মানৱজ্যোতি মহন্ত আৰু বিদ্যুৎ ভৰালী বুলি জানিব পৰা গৈছে। অন্যাহাতে কাঠ সৰবৰাহ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে হাৰিয়ানাৰ ছাৰন খান আৰু আৰবাজ খানকো গ্ৰেপ্তাৰ কৰে বন বিভাগৰ অভিযানকাৰী দলটোৱে।

জানিব পৰা মতে, তুঁহ আৰু চিমেণ্টৰ তলত লুকুৱাই ট্ৰাকখনত সৰবৰাহ কৰা হৈছিল প্ৰায় ডেৰ কোটি টকা মূল্যৰ বাৰ্মিজ চেগুণ। নাগপুৰলৈ গোপনে সৰবৰাহ কৰা এই কাঠভৰ্তি ট্ৰাকখনৰ আগে আগৈ গৈ আছিল এএছ-০১ডিকিউ ৫৬৩৭ নম্বৰৰ এখন ৰঙা স্ক’ৰপিঅ’ বাহন। য’ত আছিল বিজেপি নেতা আমজাদ খান, বিদ্যুৎ ভৰালী আৰু মানৱজ্যোতি মহন্ত।

বন বিভাগে তেওঁলোকৰ স্ক’ৰপিঅ’ বাহনখনো জব্দ কৰে। বৰ্তমান আটাইকেইজন অভিযুক্ত পশ্চিমবংগ বন বিভাগৰ জিম্মাত আছে।