প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে ভিডিঅ’ কলত কথা পাতিছিল শৰ্মিষ্ঠাই, তাৰ পিছতে বাচি ল’লে এই পথ…

নিউজ ডেস্কঃ প্ৰেমিকৰ সৈতে ভিডিঅ’ কলত শেষবাৰৰ বাবে কথা পাতি নিজৰ জীৱন শেষ কৰিলে গুৱাহাটীত অধ্যয়নৰত এগৰাকী পশ্চিমবংগৰ ছাত্ৰীয়ে।

দেওবাৰে সন্ধিয়া মহানগৰীৰ উলুবাৰীস্থিত পেয়িং গেষ্টৰ বাথৰুমত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা যুৱতীগৰাকীৰ পৰিচয় আলিপুুৰদুৱাৰৰ শৰ্মিষ্ঠা ঘোষ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ এটা নাৰ্ছিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি আছিল শৰ্মিষ্ঠাই।

জানিব পৰা মতে, দেওবাৰে যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে ভিডিঅ’ কলত কথা পতাৰ পিছতে পিজিৰ বাথৰুমত আত্মহত্যা কৰে।

অৱশ্যে যুৱতীগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে শৰ্মিষ্ঠাই এনে এক পথ বাচি লোৱাৰ সন্দেহ কৰা হৈছে।

দেওবাৰে ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।