প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

নিউজ ডেস্ক। যোৱা দুটা বছৰত বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে ক’ভিড-১৯ মহামাৰীয়ে।

এই ভয়ংকৰ পৰিস্থিতিত পিতৃ-মাতৃহাৰা হৈছে অনেক সন্তান, স্বামী হাৰা হৈ জীৱনৰ আনন্দ চিৰদিনলৈ হেৰুৱাই পেলাইছে অনেক পত্নীয়ে!

মৃত্যুৰ কিৰিলি আৰু আপোনজনৰ হিয়াৰ বিননিয়ে কঁপাই থৈ গৈছে আকাশ-বতাহ।

ক’ভিডৰ এনে ভয়ংকৰ পৰিস্থিতিত বহুজনে নিজৰ আপোনজনৰ মুখখন শেষবাৰলৈ চাবলৈও সক্ষম নহ’ল।

কোৰোনাৰ এই নিষ্ঠুৰ সময়তে স্বামীহাৰা হৈছিল উৰিষ্যাৰ মৌচুমী মোহান্তিও। বিবাহৰ মাত্ৰ ৬ মাহ পিছতে কোৰোনাত স্বামীক হেৰুৱায় মৌচুমীয়ে।

Mousumi

উল্লেখ্য যে, ২০২১ৰ ৫ মে’ত কোভিড-১৯ আক্ৰান্ত হয় মৌচুমীৰ স্বামী অভিষেক মহাপাত্ৰ।

অভিষেকক প্ৰথমে চিকিৎসাৰ বাবে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালক চিকিৎসকে জনায় যে এক্সট্ৰা কৰ্পোৰেল মেম’ব্ৰেন অক্সিজেনেচন (ইকেএমঅ’)ৰ প্ৰয়োজন হব। এয়া এক ব্যয়বহুল চিকিৎসা!

চিকিৎসকৰ কথা শুনি সাধাৰণ মধ্যবিত্ত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। ক’ত পাব ইমানবোৰ টকা। এফালে হাস্পতালত মৃত্যুৰ সৈতে যুঁজি থকা স্বামী, আনফালে আৰ্থিক দৈন্যতাই শাৰীৰিক-মানসিকভাৱে ব্যতিব্যস্ত কৰি তোলে মৌচুমীকো।

উপায়ন্তৰ হৈ মৌচুমীয়ে ছ’চিয়েল মিডিয়াযোগে স্বামীৰ চিকিৎসাৰ বাবে সহায় খোজাৰ সিদ্ধান্ত লয়। অতি কম সময়ৰ ভিতৰতে অনেক জনৰ পৰা সঁহাৰিও লাভ কৰে মৌচুমীয়ে। লকডাউনৰ সময়ৰ মাজতো বহুজনে আর্থিকভাৱে সহায়ৰ হাত আগবঢ়ায় মৌচুমীক।

এনেদৰে হাতত কিছু টকা গোট খোৱাত স্বামী অভিষেকক উন্নত চিকিৎসাৰ বাবে কলকাতালৈ লৈ যোৱা হয়।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস যেন ইমানতে অন্ত পৰা নাছিল! হাস্পতালত সুদীৰ্ঘ ৮৩ দিন চিকিৎসাধীন হৈ থকাৰ পিছত অৱশেষত মৃত্যুক আঁকোৱালি লয় অভিষেক মহাপাত্ৰই!

স্বামীৰ মৃত্যুৰ পিছত একপ্ৰকাৰ ভাগি পৰে মৌচুমী। বিবাহৰ মাত্ৰ ৬ মাহৰ ভিতৰতে স্বামীহাৰ হৈ দিক-বিদিক হেৰুৱাই পেলায় তেওঁ।

কিন্তু স্বামীৰ চিকিৎসাৰ বাবে বিভিন্ন জনে সহায় কৰা প্ৰায় ৪০ লাখ টকা তেতিয়া জমা হৈছিল মৌচুমীৰ ওচৰত। তেতিয়াও বিভিন্ন জনে আগবঢ়াই আছিল সহায়।

এনে পৰিস্থিতিত স্বামীহাৰ হৈ পৰা মৌচুমীয়ে তেওঁৰ হাতত জমা হোৱা টকাখিনি কোভিড চিকিৎসাৰ নামত আগবঢ়োৱাৰ সিদ্ধান্ত লয়। তেওঁৰ দৰে যাতে আন কোনেও আপোনজনক হেৰুৱাব নালাগে, তাৰ বাবে এই সিদ্ধান্ত লয় মৌচুমীয়ে।

সিদ্ধান্ত অনুসৰিয়ে মৌচুমী মোহান্তিয়ে ৩০ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায় আৰু বাকী ১০ লাখ টকা জিলাখনৰ ৰেডক্ৰছ চ’ছাইটিলৈ অনুদান হিচাপে আগবঢ়ায়।

মৌচুমীয়ে কয়, “সেই সময়ত মানুহে যিদৰে মোৰ কাষত থিয় দিছিল, মোক আৰ্থিকভাৱে সহায় কৰিছিল, লকডাউনৰ মাজত তেওঁলোকে যিদৰে আগবাঢ়ি আহিছিল সেয়া সঁচাকৈয়ে অবিশ্বাস্য। মই সেই সকলো লোকৰ প্ৰতি কৃতজ্ঞ।

এতিয়া সেই ধনৰ মোক প্ৰয়োজন নাই। সেয়ে মই বিচাৰোঁ মোক সহায় হিচাপে আগবঢ়োৱা ধনখিনি আন কোভিড ৰোগীৰ চিকিৎসাৰ বাবদ খৰছ হওক। যাতে মোৰ দৰে আন কোনেও আপোনজনক হেৰুৱাবলগীয়া নহয়।”

লগতে চাওকঃ

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত বালি মাফিয়াৰ আক্ৰমণত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ

G02

Leave a Comment