ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। দীপাৱলী উদযাপনৰ বাবে স্কুটিত কঢ়িয়াই নিয়া আতচবাজীৰ বিস্ফােৰণত জ্বলি মৃত্যু পিতা-পুত্ৰৰ।

এই ঘটনা বৃহস্পতিবাৰে সংঘটিত হয় পণ্ডীচেৰীৰ ওচৰৰ ভিল্লুপুৰম জিলাৰ কোট্টাকুপ্পাম গাঁৱত।

ঘটনাত পিতৃ আৰু তেওঁৰ সাত বছৰীয়া পুত্ৰই স্কুটিত কঢ়িয়াই অনা দুটা আতচবাজীৰ বেগ জ্বলি মৃত্যুমুখত পৰে। আৰু তেওঁলোকৰ স্কুটিখনৰ ওচৰত থকা আন দুজন পথচাৰীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

মৃত দুয়োকে কালাইনেচন (৩২) আৰু তেওঁৰ পুত্ৰ প্ৰদীশ (৭) বুলি চিনাক্ত কৰা হয়।

photo-2021-11-04-17-27-35

আৰক্ষীৰ সূত্ৰ অনুসৰি, কালাইনেচন (৩২) পণ্ডীচেৰীৰ আৰিয়াংকুপ্পাম চহৰৰ বাসিন্দা। কালাইনেছানে ওচৰৰ এখন গাঁৱত তেওঁৰ পত্নীক লগ কৰাৰ পিছত তেওঁৰ পুত্ৰক আতচবাজী ক্ৰয় কৰিবলৈ লগত বজাৰলৈ গৈছিল।

কালাইনেচন আৰু তেওঁৰ পুত্ৰ প্ৰদীশে (৭) দুটা আতচবাজীৰ বেগ ক্ৰয় কৰিছিল আৰু পণ্ডীচেৰী অভিমুখে যাত্ৰা কৰি আহিছিল। যেতিয়া তেওঁলোক কোট্টাকুপ্পামৰ ওচৰ পাইছিল, তেতিয়া হঠাতে তেওঁলোকৰ আতচবাজীবোৰ জ্বলি উঠিছিল। যাৰ ফলত তেওঁলোক দুয়ো ঘটনাস্থলীত নিহত হয়।

আনহাতে দুচকীয়া আন এখন বাহনত উঠি অহা শৰফুদ্দিন আৰু গণেশন নামৰ আন দুজন লোকো গুৰুতৰভাৱে আহত হয়।

লগতে চাওকঃ

এক আজব পৰম্পৰা! সপোন পূৰণ হ’বলৈ ‘গাে মাতা’ অহাৰ পথত পৰি দিয়ে যুৱক

খবৰ অনুসৰি, আঘাতপ্ৰাপ্ত লোকসকলক পণ্ডীচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয়।

পণ্ডীচেৰী-ভিল্লুপুৰম সীমান্তত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে দুয়োটা অঞ্চলৰ আৰক্ষী কৰ্মীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে।

লগতে ভিল্লুপুৰমৰ আৰক্ষী অধীক্ষক এন শ্ৰীনাথাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু কালাইনেচানে কেনে ধৰণৰ আতচবাজী ক্ৰয় কৰিছিল তাৰ তদন্ত আৰম্ভ কৰে।

Leave a Comment