ফেব্ৰুৱাৰীত স্থিৰ হৈছিল বিয়াৰ দিন হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ সেনা মেজৰ অনুজৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ উধমপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হৈছিল হাৰিয়ানাৰ মেজৰ অনুজ ৰাজপুত।

যোৱা ২১ ছেপ্টেম্বৰত সংঘটিত দুৰ্ঘটনাত শ্বহীদ হৈছিল জোৱানজন।

মেজৰ অনুজ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ আছিল।

তেওঁৰ মৃত্যুৰ ৪ দিন পূৰ্বে অৰ্থাৎ ১৮ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন আছিল। ডেৰ মাহ পূৰ্বে যোৱা ২৩ জুলাইত অনুজৰ বাগদান হৈছিল।

E-0s-LH1-UYAg3c-Ir

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ পত্নীটপত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা মেজৰ অনুজ ৰাজপুতৰ পৰিয়াল পঞ্চকুলাৰ চেক্টৰ-২০ত বাস কৰে।

পিতৃ-মাতৃয়ে তেওঁৰ শ্বহীদৰ বিষয়ে শুনি জম্মু আৰু কাশ্মীৰলৈ ৰাওনা হৈছিল। সেই খবৰে সকলোকে শোকাকুল কৰি তুলিছিল।

খবৰ লাভ কৰি আত্মীয় তথা স্থানীয় সকলো লোক তেওঁলোকৰ ফ্লেটলৈ আহিছিল। কিন্তু ঘৰত কাকো পোৱা নাছিল।

অনুজ ৰাজপুতৰ মাতৃ ঊষা আৰ্যই তেওঁৰ বন্ধুক কোৱা অনুসৰি, তেওঁ অহা ফেব্ৰুৱাৰীত অনুজৰ বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল।

মাতৃ ঊষা চেক্টৰ-২০ৰ কুণ্ডি গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী।

E-0s-LH2-Vg-AYP6-UN

তেওঁ পুত্ৰৰ বাগদানৰ পিছত পুত্ৰৰ বিয়াক লৈ বহুত সুখী হৈ পৰিছিল। তেওঁ ঘৰলৈ এজনী বোৱাৰী অনাৰ প্ৰস্তুতি চলাই আছিল। কিন্তু মঙলবাৰে পুত্ৰৰ শ্বহীদৰ খবৰ লাভ কৰি তেওঁ শোকত ভাগি পৰে।

উল্লেখ্য যে ২৬ বছৰীয়া অনুজ ৰাজপুত তেওঁৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল।

E-3lmg-HVg-AM1fg0

অনুজ ৰাজপুতে দ্বাদশ শ্ৰেণীলৈকে চণ্ডিগড়ত অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ ডেৰাডুনৰ নেচনেল ডিফেন্স একাডেমীলৈ গৈছিল। তেওঁ ২০১৫ চনত মেজৰ হিচাপে নিযুক্তি লাভ কৰিছিল।

Leave a Comment