বনভোজ খাবলৈ গৈ নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক!

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হ’ল এজন যুৱক।

জানিব পৰা মতে, আমিনগাঁও মৰিয়াপট্টিত সংঘটিত হৈছে এই ঘটনা। নাৱৰ পৰা নদীত পৰি সন্ধানহীন হ’ল গুৱাহাটীৰ কামাখ্যা গে’টৰ শিৱ লহকৰ নামৰ এজন যুৱক।

জানিব পৰা মতে, হাত নাৱৰ পৰা নদীত পৰিছিল যুৱকজন।

দুৰ্ঘটোৰ পাছতে ঘটনস্থলীত উপস্থিত হয় আৰক্ষী আৰু এছ ডি আৰ এফ (SDRF) উদ্ধাৰ বাহিনীৰ দল।

SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানেও কোনো সন্ধান পোৱা নাই যুৱকজনৰ।

উল্লেখ্য যে ৭ জনীয়া যুৱকৰ দল ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খাবলৈ গৈছিল।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেন্দ্ৰীয় মন্ত্ৰী, পত্নীৰ মৃত্যু

বৰফৰ মাজেৰে কান্ধত তুলি গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিলে ভাৰতীয় সেনা জোৱান

ট্ৰাকৰ সৈতে বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত ২, আহত ৩

চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

Leave a Comment