বহী পুনৰীক্ষণঃ মেট্ৰিকত স্থান লাভ কৰিলে প্ৰাৰ্থনা- অবিনাশে…

নিউজ ডেস্ক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত পুনৰ উন্মােচিত হ’ল ছেবা কৰ্তৃপক্ষৰ গাফিলতি।

বহী পুনৰীক্ষণৰ জৰিয়তে সদ্যঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান লাভ কৰিছে এগৰাকী ছাত্ৰই।

এই ছাত্ৰগৰাকী হৈছে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়া।

পুনৰ পৰীক্ষা নিৰীক্ষণ কৰাত দশমস্থান লাভ কৰিলে।

অবিনাশ চহৰীয়া

ছেবাৰ ভুলৰ বাবে প্ৰথম ৰিজাল্টত সাধাৰণ গনিতত মাত্ৰ ৫৬ নম্বৰহে পাইছিল।

ইয়াৰ পিছত পুনৰ নিৰীক্ষণত ১০০ নম্বৰ পাবলৈ সক্ষম হ’ল অবিনাশ চহৰীয়াই।

ইপিনে, বহী পুনৰীক্ষণৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰিলে আন এগৰাকী ছাত্ৰীয়ে।

এই ছাত্ৰীগৰাকী হৈছে শিৱসাগৰ জিলাৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্ত।

প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা ।

প্ৰাৰ্থনা দত্ত

উল্লেখ্য যে একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল দেবীস্তুতি হাজৰিকা নামৰ ছাত্ৰী গৰাকী।

সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী। দৃঢ়মনা মেধাবী ছাত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে বহী পুনৰীক্ষণ সিদ্ধান্ত লৈছিল।

পুনৰীক্ষণত প্ৰাৰ্থনা দত্তই ৯৯ নম্বৰ লাভ কৰে।

উল্লেখ্য যে প্রার্থনা দত্তই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞানত ১০০, গণিতত ১০০, ভূগোলত ১০০, ইংৰাজীত ৯৮, অসমীয়াত ৯৬ আৰু সাধাৰণ বিজ্ঞানত ৬৭ নম্বৰ লাভ সৰ্বমুঠ ৫৬১ নম্বৰ লাভেবে কৰি ৯৩.৫ শতাংশৰে উত্তীৰ্ণ হৈছিল।

কিন্তু নিজৰ ওপৰত আত্মবিশ্বাসী মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত লাভ কৰা নম্বৰৰ ওপৰত বিশ্বাস নহৈ সাধাৰণ বিজ্ঞানৰ বহী পুনৰ পৰীক্ষণ কৰিবলৈ ছেবালৈ আবেদন জনায়।

শুকুৰবাৰে ছেবাৰ সদস্য উমেশ শর্মা, পবিত্রপ্রাণ ভট্টাচার্য, ফাদাৰ ডেনিয়েল, বিপুল কুমাৰ দাস আৰু জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰি অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰাৰ বিষয়ে অৱগত কৰি ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে মার্কশিট আৰু উত্তীর্ণৰ প্ৰমানপত্ৰ প্ৰদান কৰে।

মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰী গৰাকীৰ পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ।

একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।