বহুচৰ্চিত ‘কাঁচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰক ব্যতিক্ৰমী কৃতজ্ঞতা এগৰাকী মৃৎ শিল্পীৰ…

নিউজ ডেস্ক। ‘কাঁচা বাদাম’ ভাইৰেল গীতেৰে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা কলকতাৰ ভুৱন বাদ্যকাৰৰ নিৰ্মাণ হ’ল প্ৰতিমূৰ্তি।

গাঁৱে গাঁৱে গৈ কেচা বাদাম বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এটা গীত নিজেই ৰচনা কৰিছিল ভুৱন বাদ্যকাৰে।

সেই গীতটোৰ জৰিয়তেই এনিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰৰ এজন অনুৰাগীয়ে এতিয়া নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ এটি প্ৰতিমূৰ্তি।

‘বাদাম কাকু’ হিচাপে সৰ্বপৰিচিত ভুৱন বাদ্যকাৰৰ প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে কুমাৰটুলি পৰিমল পাল নামৰ এজন শিল্পীয়ে।

মাত্ৰ ৫ দিনৰ ভিতৰতে সাজি উলিওৱা এই প্ৰতিমূৰ্তিটোক এতিয়া চৰ্চালৈ আহিছে ভুৱন বাদ্যকাৰৰ লগতে পৰিমল পাল।

পৰিমল পালে প্ৰকাশ কৰা মতে, ‘কাঁচা বাদাম’ৰ জৰিয়তে সমগ্ৰ বিশ্বত বাংলা ভাষাৰ পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে ভুৱন বাদ্যকাৰে। সেইবাবেই তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই পৰিমল পালে মাত্ৰ ৫ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে বাদ্যকাৰৰ প্ৰতিমূৰ্তি।

কুমাৰটুলীলৈ আহি এবাৰ নিজৰ প্ৰতিমূৰ্তিটো চাই যাবলৈও তেওঁ ভুৱন বাদ্যকাৰক আহ্বান জনাইছে। আনহাতে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা জানিব পৰি আবেগিক হৈ পৰে বাদ্যকাৰ।

গাঁৱে গাঁৱে বাদাম বিক্ৰী কৰা এজন সাধাৰণ ব্যক্তিৰ এদিন এনেকৈ প্ৰতিমূৰ্তি নিৰ্মাণ হ’ব বুলি তেওঁ কল্পনাও কৰা নাছিল বুলি মন্তব্য কৰে।

উল্লেখ্য যে, সামাজিক মাধ্যমৰ ৰীল ভিডিঅ’ত বেচ জনপ্ৰিয় হৈ পৰিছিল ভুৱন বাদ্যকাৰৰ স্বৰচিত গীত ‘কাঁচা বাদাম’। ভাৰতৰ প্ৰায়সংখ্যক তাৰকাই এই গীতত ৰীল বনোৱাৰ লগতে বিদেশতো প্ৰভাৱ পেলাইছিল গীতটোৱে।

গীতটোৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ পিছত ইতিমধ্যে ভুৱন বাদ্যকাৰে গীতটো ষ্টুডিঅ’ত ৰেকৰ্ডিং কৰিছে। ইয়াৰোপৰি তেওঁ কণ্ঠদান কৰা আন কেইবাটাও গীতো শীঘ্ৰে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে।

Leave a Comment