বাইক চালকৰ ভুলৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। বহু সময়ত দেখা যায় যে একাংশ যান-বাহনৰ চালকে গাড়ীত তেল ভৰাবলৈ গৈ হঠাতে বাহনৰ গতি হ্ৰাস কৰি পথৰ দুয়ােফালে যান-বাহনৰ গতিবিধিলৈ লক্ষ্য নকৰি তেল ডিপােত বাহন প্ৰৱেশ কৰে।

তেনে কৰিবলৈ গৈ এনে চালকে নিজৰ লগতে আন লােককাে বিপদত পেলায়। কিন্তু হঠাতে গতিবেশ হ্ৰাস কৰাৰ লগতে পথ সলনি কৰাৰ ফলত পথত থকা অন্য বাহনৰ চালকেও আকস্মিকভাৱে ব্ৰেকৰ প্ৰয়ােগ কৰিবলগীয়াত পৰে।

কিন্তু বহু সময়ত এনে কৰিবলৈ যাওঁতে যান-বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়াত পৰে।

তেনে এক ভয়ংকৰ দুৰ্ঘটনা বন্দী হ’ল CCTV কেমেৰাত। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে দুজন বাইক আৰােহী দম্পতীৰ।

বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

এই ঘটনা বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় ঝাৰখণ্ডৰ গুমলাৰ গুমলা-বাছিয়া ৰোডত।

ভিডিঅ’টোত দেখা অনুসৰি, এখন দ্ৰুতবেগী গাড়ীয়ে বাইকত উঠি অহা স্বামী-পত্নীক খুন্দা মাৰে। যাৰ ফলত তেওঁলোক দুয়ো কিছু দূৰত উফৰি পথত পৰে।

সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে স্বামী আৰু পত্নী দুয়ো মাটিত বেয়াকৈ পৰিছিল।

অৱশ্যে ভয়ংকৰ দুৰ্ঘটনাৰ স্বত্বেও, স্বামী আৰু পত্নী সুৰক্ষিত অৱস্থাত থাকে। তেওঁলোক দুয়োৱে সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

ঘটনাৰ পিছত এখন চিকিৎসালয়ৰ পৰা প্ৰাৰম্ভিক চিকিৎসাৰ পিছত তেওঁলোকক অব্যাহতি দিয়া হয়।

উল্লেখ্য যে চিচিটিভি ফুটেজত স্পষ্টকৈ দেখা গৈছে যে বাইক আৰোহীজনৰ দোষৰ বাবেই গাড়ীখনৰ চালকজনে খুন্দা মাৰিবলৈ বাধ্য হয়।

দুৰ্ঘটনাটোৰ পিছত গাড়ী চালকজনে নিজেই আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment