বাছক অভাৰটেক কৰিবলৈ গৈ বিপদত পৰিল স্কুটি আৰােহী দম্পতী, ঘটনাৰ দৃশ্য ভাইৰেল

নিউজ ডেস্ক। পিছৰ চিটত বহি থকা পত্নীৰ কোলাত এটি নৱজাতক শিশু। তেনে অৱস্থাত স্বামীয়ে দুখন দ্ৰুতবেগী বাছৰ মাজত স্কুটী সোমোৱাই ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ল।

চলন্ত বাছক অভাৰটেক কৰিবলৈ গৈ তেওঁলোকৰ স্কুটীখন দুয়ােখন বাছতে খুন্দিয়াই মাজত আৱদ্ধ হৈ পৰে।

গাড়ীৰ খুন্দাত কোলাত কেঁচুৱা থকা মহিলা গৰাকী সামান্য উফৰি পৰে। কিন্তু স্কুটীত উঠি যোৱা তিনিওজনেই নিৰাপদে ৰক্ষা পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ দৃশ্য বন্দী হয় এখন বাছৰ চিচি টিভিৰ কেমেৰাত।

বহুতে দৃশ্যটো প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে। দৃশ্যটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, এই ঘটনাটো পণ্ডীচেৰীৰ কালামান্দাপাম গাঁৱত সংঘটিত হয়। দম্পতীহাল আৰু তেওঁলোকৰ নৱজাতক শিশুটি বাচি গ’লেও সামান্য আঘাতপ্ৰাপ্ত হয়।

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

চিচি টিভি ফুটেজৰ বাবে দুৰ্ঘটনাটোৰ দৃশ্য দ্ৰুতগতিত ভাইৰেল হৈ পৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ভিডিঅ’টোত দেখা অনুসৰি, স্কুটী চালকজনে তীব্ৰ গতিত তেওঁৰ সন্মুখত গৈ থকা এখন বাছক অতিক্ৰম কৰিবলৈ যায়। সেই সময়তে বিপৰীত ফালৰ পৰা আহি আছিল এখন বাছ।

বিপৰীত ফালৰ পৰা অহা বাছখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত চালকজনে স্কুটীৰ নিয়ন্ত্ৰণ হেৰুৱায়।

ফলস্বৰূপে, স্কুটিখন বাছ দুখনৰ মাজত আবদ্ধ হৈ পৰে। কিন্তু দম্পতী বা তেওঁলোকৰ নৱজাতক সন্তানটি বেছি আঘাত প্ৰাপ্ত নহয়।

স্কুটীখনে নিয়ন্ত্ৰণ হেৰুওৱা দেখি বাছৰ চালক দুজনে লগে লগে বাছ দুখন ৰখাই দিয়ে। দম্পতীহালৰ সহায়ৰ বাবে দুয়োখন বাছৰ যাত্ৰীও আগবাঢ়ি আহে।

পণ্ডীচেৰীৰ পৰিবহণ বিভাগৰ এজন বিষয়াই কয় যে, দম্পতীহালে নৱজাতক কেঁচুৱাটো কোলাত থকা স্বত্বেও তীব্ৰ গতিত স্কুটী লৈ আছিল। যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

বিষয়াজনে কয়, “আমি বাছকে ধৰি আন সকলো বাহনৰ চালকসকলক গতি নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিছো। কিয়নো কলমান্দাপম গাওঁকে ধৰি আন গাওঁসমূহৰ পথ সংকীৰ্ণ। এই ক্ষেত্ৰত স্কুটী চালকে পৰামৰ্শটো মনা নাছিল। প্ৰকৃততে ঘটনাৰ বাবে দায়ী কোন, সেইয়া দুৰ্ঘটনাটোৰ ভিডিঅ’ৰ পৰা স্পষ্ট হ’ব।”

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Comment