বিভাগীয় অভিযানৰ সময়ত গােপনে অবৈধ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ গৈছিল যুৱক, ঘটিল আজব ঘটনা

নিউজ ডেস্ক। বিদ্যুৎ চুৰিৰ এটা সাধাৰণ লক্ষ হ’ল যে যেতিয়াই বিভাগীয় লোক অহা গম পাই, তেতিয়াই তেওঁ লৰালৰিকৈ গৈ এৰুৱাই থয় বিদ্যুৎ সংযোগ ব্যৱস্থা। কিন্তু যদিহে বিদ্যুৎ কৰ্মচাৰী অতি চতুৰ হয়, তেন্তে চুৰি কৰা জন ধৰা পৰাটো নিশ্চিত।

এইবাৰ তেনে এক দৃশ্যই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বিদ্যুৎ চুৰিৰ খবৰ লাভ কৰি বিভাগীয় দল গৈছিল তালাচী অভিযানত।

অভিযানকাৰী দল উপস্থিত হোৱা দেখিয়েই এজন যুৱকে আনে নেদেখিবলৈ ঘৰৰ চাদত সাপৰ দৰে বগাই গৈছিল নিজৰ চুৰি তথা অবৈধ বিদ্যুৎ সংযোগৰ তাঁৰ কৰ্তন কৰিবলৈ।

কিন্তু চতুৰ বিদ্যুৎ কৰ্মচাৰীয়ে তাতকৈ আগত ঘৰৰ ওপৰত গৈ কৰি আছিলে ভিডিঅ’ ৰেকৰ্ডিং আৰু সেই সমগ্ৰ দৃশ্য বন্দী কৰিলে কেমেৰাত, যাৰফলত অভিযানকাৰী দলৰ জালত পৰি আৰক্ষীৰ আলহী হ’ল যুৱক।

এই ঘটনা উত্তৰ প্ৰদেশৰ গাজীয়াবাদৰ মূৰাদনগৰ অঞ্চলৰ। বৰ্তমান দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, গাজীয়াবাদৰ মূৰাদনগৰ বিদ্যুৎ বিভাগে কিছু তথ্য লাভ কৰিছিল যে অঞ্চলটোত বহুতো লোকে অবৈধভাৱে ব্যৱহাৰ কৰি আছে বিদ্যুৎ। সেয়েহে বিভাগে এই অবৈধ বিদ্যুৎ সংযোগ গ্ৰহণ কৰা দুষ্টচক্ৰক চিনাক্তকৰণৰ বাবে এক তালাচী অভিযান চলোৱাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি বিভাগৰ এটা দলে অঞ্চলটোত আৰম্ভ কৰে এক অভিযান। অভিযানত এঘৰ লোকৰ বিষয়ে তথ্য লাভ কৰি দলটো উপস্থিত হয় সেই ব্যক্তিজনৰ ঘৰত। দলটোৱে প্ৰথমতে গৈ ব্যক্তিজনৰ ঘৰৰ দুৱাৰত টুকৰ মাৰে যদিও কোনো সহাঁৰি নিদিয়ে ঘৰখনৰ লোকে।

সেয়েহে লগে লগে এজন কৰ্মচাৰীয়ে সেই ঘৰটোৰ কাষতে থকা বেলকনিলৈ গৈ ভিডিঅ’ ৰেকৰ্ডিং কৰি থাকে।

সেই সময়তে ঘৰখনৰ এজনৰ যুৱকে বুদ্ধিমত্তাৰে চাদত বগাই অবৈধ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যায়। হাতত এক যন্ত্ৰ লৈ যুৱকজনে বিদ্যুৎ সংযোগৰ তাঁৰডাল কৰ্তন কৰিবলৈ চেষ্টা কৰে। আৰু যুৱকজনে তাঁৰডাল কাটিবলৈ চেষ্টা কৰোঁতেই ৰেকৰ্ডিং কৰি থকা বিভাগৰ কৰ্মচাৰী সকলে যুৱকজনক মাত দি তেওঁলোক সেই স্থানত উপস্থিত থকাৰ গম দিয়ে। লগে লগে যুৱকজনে সেমেনা সেমেনি কৰা দেখা যায়। কৰ্মচাৰীসকলে তেওঁক মাত দি কয় যে- “বিদ্যুৎ কিবা বেয়া হৈ আছে চাগে?”

এই সন্দৰ্ভত মূৰাদনগৰ সংমণ্ডল বিষয়াজনে কয়, “ভাইৰেল হোৱা ভিডিঅ’টো আমাৰ এলেকাৰ হয়। বিগত ১৫ দিন আমাৰ বিদ্যুৎ বিভাগৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিল। আমি দিনে নিশাই বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছিলো। গৰমৰ বাবে বিদ্যুত বেছি খৰচ হোৱাত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছিল। জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশনাৰ ভিত্তিত আমি দিনে নিশাই তালাচী অভিযান অব্যাহত ৰাখিছিলো। যাতে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। তাৰ পিছতেই আমি মূৰাদনগৰত এক অভিযান আৰম্ভ কৰো। ভিডিঅ’টোত দেখা যুৱকজনৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিছো।”

Leave a Comment