বিমান বন্দৰৰ পৰা উৰা মৰাৰ সময়তে যাত্ৰীবাহী বিমানত সূত্ৰপাত ঘটিল জুইৰ, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ…

নিউজ ডেস্কঃ বিমান বন্দৰৰ পৰা উৰা মৰাৰ বাবে সাজু হোৱাৰ সময়তে এখন যাত্ৰীবাহী বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটাত নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিমানখনৰ যাত্ৰী।

বিমানখনত সংঘটিত এই অগ্নিকাণ্ডই যাত্ৰীসকলৰ মাজত সৃষ্টি কৰে তীব্ৰ আতংকৰ।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে দিল্লীৰ বিমান বন্দৰত।

বাতৰি অনুসৰি, ইণ্ডিগ’ৰ ৬ই ২১৩১ যাত্ৰীবাহী বিমানখনে শুকুৰবাৰে নিশা দিল্লীৰ পৰা বাংগালুৰু অভিমুখে উৰা মাৰিবলৈ সাজু হোৱাৰ সময়তে বিমানখনৰ ইঞ্জিনত জুই ধৰা পৰে।

ইফালে বিমানখনত জুই প্ৰত্যক্ষ কৰি বিমানখন বিমান বন্দৰতে ৰখাই যাত্ৰীসকলক বাহিৰলৈ নমাই অনা হয়।

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ইপিনে জুই লগাৰ এই ভয়ংকৰ দৃশ্য বন্দী হয় যাত্ৰীৰ মোবাইল কেমেৰাত।

উল্লেখ্য যে, যাত্ৰীবাহী বিমানখনত ক্ৰু মেম্বাৰসহ আছিল মুঠ ১৮৪গৰাকী যাত্ৰী।

ইতিমধ্যে অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়ে ডিজিচিএ বিষয়াক বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।