বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক। এক দুখবৰ!

অসমৰ বিশিষ্ট নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ দেহাৱসান।

গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত নৃত্য শিল্পীগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৩ বছৰ।

বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু ঘটে।

উল্লেখ্য যে ২০০৬ চনত সন্মানীয় সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছিল প্ৰয়াত গৰিমা হাজৰিকাই। সত্ৰীয় উপৰি ওডিছি নৃত্য শিল্পী হিচাপে বিখ্যাত আছিল প্ৰয়াত গৰিমা হাজৰিকা।

১৯৩৯ চনৰ ২৭ এপ্ৰিলত গুৱাহাটীত জন্মলাভ কৰা গৰিমা হাজৰিকাৰ পিতৃ প্ৰয়াত লোকবন্ধু ডঃ ভুৱনেশ্বৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰপ্ৰভা বৰুৱা।

পাঁচ ভাই-ভনীৰ ভিতৰত তেওঁ আছিল কনিষ্ঠ।

ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ওডিছি গুৰু মুৰলীধৰ মাঝীৰ নিৰ্দেশনাত ১৯৮২ চনত গোৰ্মিয়া হাজৰিকাই অসমত মিতালী কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।

মহিলা আৰু শিশুৰ উন্নতিৰ দিশত কাম কৰাৰ বাবে ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা মিতালী সংঘৰ এটা শাখা আছিল মিতালী কলা কেন্দ্ৰ।

গৰিমা হাজৰিকাই অসমীয়া ছবি জগতলৈ অৱদানৰ আগবঢ়াইছিল।

১৬ খন অসমীয়া ছবিত তেওঁ এগৰাকী নৃত্য পৰিচালক হিচাপে জড়িত আছিল। তেওঁৰ প্ৰথমখন ছবি আছিল পুলক গগৈৰ ‘শ্ৰীমতী মহিমাময়ী’।

তেওঁৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

বিভিন্ন দল-সংগঠনৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰয়াত নৃত্য শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰীয়ে টুইট কৰে, ‘বিশিষ্ট নৃত্য পটীয়সী তথা সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক গৰিমা হাজৰিকা বাইদেউৰ বিয়োগৰ বাতৰিত মৰ্মাহত হ’লোঁ। তেখেতৰ মৃত্যুত অসমে এগৰাকী বলিষ্ঠ সাংস্কৃতিক সত্তা হেৰুৱালে৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনালোঁ৷’

লগতে চাওকঃ

শােকাৱহ! বিষাক্ত সৰ্পৰ দংশনত প্ৰাণ গ’ল যুৱ সাংবাদিকৰ, শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হ’ল অগণন লােক…