বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ৰােগী তথা আত্মীয়ই লাভ কৰিব বিনামূলীয়া খাদ্য!

নিউজ ডেস্ক। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ তথা হৰে কৃষ্ণ মিছনৰ মাজত আজি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত সম্পন্ন হয় এক বুজাবুজি চুক্তি।

এই চুক্তি অনুসৰি এতিয়াৰে পৰা এই চিকিৎসালয়ত চিকিৎসাধীন ৰােগী আৰু তেওঁলোকৰ সৈতে থকা আত্মীয়ই লাভ কৰিব বিনামূলীয়া আহাৰ।

এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূবৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশ আৰু হৰে কৃষ্ণ মিছনৰ বিজয় দাসাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী।

উল্লেখ্য যে সামাজিক দায়বদ্ধতা শিতানত এই আঁচনিৰ বাবে ধন ব্যয় কৰিব বিমানবন্দৰ কৰ্তৃপক্ষই।

এই বিষয়ে সংবাদ মাধ্যমক সম্বোধন কৰি এম সুৰেশে কয় ”বিমানবন্দৰ প্ৰাধিকৰণে কেইবাটাও সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে উত্তৰ-পূবত বিভিন্ন সংগঠনৰ সৈতে সমাজৰ কল্যাণৰ বাবে কাম কৰি আহিছে। হৰে কৃষ্ণ মিছনে অতি উদাৰতাৰে জনসাধাৰণক আহাৰ যােগান ধৰি আহিছে আৰু এই মহৎ কাৰ্যত তেওঁলোকৰ সৈতে জড়িত হৈ আমি অত্যন্ত সুখী।”

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীয়ে এই সহায়ৰ বাবে দুয়োটা বিমানবন্দৰ কৰ্তৃক্ষৰ লগতে হৰে কৃষ্ণ মিছনলৈ কৃতজ্ঞতা জনাইছে।

Leave a Comment