বৰষুণৰ বতৰত মুকলি ঠাইত ম’বাইল ফােন ব্যৱহাৰ কৰাৰ ভয়ংকৰ পৰিণতি! CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। কেইটামান চেকেণ্ডৰ এটা ভিডিঅ’। যি দৃশ্য দেখিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰো।

প্ৰচণ্ড বজ্ৰপাতে এজন ব্যক্তিক দূৰলৈ দলিয়াই পেলোৱাৰ দৃশ্য এয়া। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ইণ্ডোনেছিয়াৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত। বাতৰি অনুসৰি, এটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ এজন ৩৫ বছৰীয়া নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয় বজ্ৰপাতৰ ফলত।

৩০ চেকেণ্ডৰ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এজন ব্যক্তিয়ে হাতত ছাতি লৈ এটা মুকলি কাৰখানাৰ এলেকাত খোজ কাঢ়ি গৈ আছে।

তেতিয়াই ব্যক্তিজনৰ ওপৰত বজ্ৰপাত পৰে আৰু স্ফুলিংগ বিস্ফোৰণ ঘটে। নিমিষতে ব্যক্তিজন দূৰলৈ চিটিকি পৰা ভিডিঅ’টোত পৰিলক্ষিত হয়।

চিচিটিভিত বন্দী হয় ব্যক্তিজনৰ ওপৰত বজ্ৰপাত পৰাৰ এই শিহৰণকাৰী দৃশ্য।

ইফালে বজ্ৰপাত পৰাৰ পিছতে ব্যক্তিজনৰ ওচৰলৈ দৌৰি আহি আন কেইবাজনো লোক। অৱশ্যে সৌভাগ্যক্ৰমে ব্যক্তিজনৰ জীৱন ৰক্ষা পৰে।

বাতৰি অনুসৰি, বর্তমান ব্যক্তিজন চিকিৎসাধীন হৈ আছে।

ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বিভিন্নজনে বৰষুণৰ সময়ত ৰেডিঅ’ বা চেলুলাৰ সঁজুলি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।

আনহাতে ব্যক্তিজনৰ ওপৰত বজ্ৰপাত পৰাৰ কাৰণ তেওঁ লৈ থকা ৱাকি টকীটো হব পাৰে বুলি সন্দেহ কৰিছে বিভিন্নজনে।

লগতে চাওকঃ

ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক (IGP) হ’ল ভায়লেট বৰুৱাৰ

Leave a Comment